Local, Vocal, Global

Princess Kate reveals she is in the early stages of treatment for cancer : কৰ্কট ৰোগত আক্ৰান্ত ৱেলছৰ ৰাজকুমাৰী কেট মিডলটন

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩মাৰ্চ : কৰ্কট ৰোগত আক্ৰান্ত ৱেলছৰ ৰাজকুমাৰী । ব্ৰিটিছ ৰাজপৰিয়ালৰ বাবে এটা দুখবৰ। কৰ্কট ৰোগত আক্ৰান্ত হ’ল ৱেলছৰ ৰাজকুমাৰী কেট মিডলটন।

শুকুৰবাৰে এক ভিডিঅ’ৰ জড়িয়তে এই কথা জনালে কেট মিডলটনে।

ভিডিঅ’ৰ জড়িয়তে কেট মিডলটনে কয়, ‘‘মোৰ কৰ্কট ৰোগত আক্ৰান্ত খবৰটোৱে আমাক বহু আঘাত দিছে। বিগত কেইটামান মাহ আমাৰ বাবে খুব কঠিন আছিল।’’লগতে কেটে কয় যে, তেওঁ ক্ৰমাৎ সুস্থ হৈছে, মানসিকভাৱে শক্তিশালী হৈছে(Catherine, Princess of Wales, announces she has cancer)।

কেটে ভিডিঅ’ৰ জড়িয়তে ঘটনা সন্দৰ্ভত বৰ্ণনা কৰি কয় যে, ‘‘তেওঁৰ জানুৱাৰীত পেটত অস্ত্ৰোপচাৰৰ পিছতো কেঞ্চাৰৰ বিষয়টো জানিব পৰা হোৱা নাছিল। অস্ত্ৰোপচাৰৰ পিছত নানা পৰীক্ষা-নিৰীক্ষাৰ পিছত কেঞ্চাৰৰ বিষয়ে অৱগত হয় আৰু চিকিৎসকে কেমোথেৰাপিৰ পৰামৰ্শ দিয়ে। সেই চিকিৎসা প্ৰাথমিক পৰ্যায়ত আছে।’’অস্ত্ৰোপচাৰৰ পিছত সুস্থ হ’বলৈ কিছু সময় লাগিব। এতিয়া পৰিয়ালক সময় দিয়াত অগ্ৰাধিকাৰ দিম। পৰিয়ালৰ স্বাৰ্থত মই আৰু উইলিয়ামে বিষয়টো যিমান সম্ভৱ গোপনে ৰখাৰ চেষ্টা কৰিছো।

জৰ্জ, শাৰ্লট আৰু লুইৰ আগত সকলো বাখ্যা কৰিবলৈ আৰু মই যে ঠিকে আছো সেয়া বুজাবলৈ মোৰ আৰু উইলিয়ামৰ কিছু সময় লাগিছে। এই মুহূৰ্তত মই আৰু আমাৰ পৰিয়ালে কিছু গোপনীয়তা বিচাৰো(The Reason Behind Kate Middleton’s Delayed Cancer Statement)।’’

কেটে ভিডিঅ’ৰ জড়িয়তে বিশ্বৰ সকলো কেঞ্চাৰ আক্ৰান্ত লোকক উদ্দেশ্যি কৰি কয়, ‘‘যিসকল লোক এই ৰোগত আক্ৰান্ত তেওঁলোকে আশা নেহেৰুৱাব। আপুনি অকলশৰীয়া নহয়।’’

লগতে পঢ়ক : Dhubri Police Nab 2 With Suspected Heroin : ধুবুৰীত জব্দ বুজন পৰিমাণৰ হেৰ’ইন,আটক দুই সৰবৰাহকাৰী