Local, Vocal, Global

Prime Minister Narendra Modi will visit Assam:অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক,৩ডিচেম্বৰ: পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । সোমবাৰে দিল্লীত প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰি কেইবাটাও অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাই।

অসম ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সৰুসজাইত অসমৰ ঝুমুৰ নৃত্য উপভোগ কৰিব। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে বিশ্বৰ ৰেকৰ্ড গঢ়িব ঝুমুৰ নৃ্ত্যই।

ঝুমুৰ নৃ্ত্য উপভোগ কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই সময়তে অনুষ্ঠিত হ’বলগীয়া অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনতো অংশগ্ৰহণ কৰিব।২০২৫ চনৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এই অসম বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন(Prime Minister Narendra Modi will visit Assam)৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিবলৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে। এই দুয়ো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনোৱাৰ সময়ত ড০ শৰ্মাই সংসদ ভৱনত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে প্ৰায় ২৫ মিনিট সময়ৰ বৈঠকতো মিলিত হয়।

লগতে পঢ়ক:Nizam Uddin Choudhury: AIUDF বিধায়ক নিজাম উদ্দিন চৌধুৰীক নিলম্বন