Prime Minister Narendra Modi visits Gujarat : দুদিনীয়া কাৰ্যসূচীৰে গুজৰাটত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নিউজ ডেস্ক, ৩০ অক্টোবৰ: সোমবাৰে দুদিনীয়া কাৰ্যসূচীৰে গুজৰাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।সোমবাৰে গুজৰাটত উপস্থিত হৈ পুৱা প্ৰায় ১০:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে প্ৰথমে বানাস্কান্ত জিলাৰ আম্বাজী মন্দিৰ দৰ্শন কৰে আৰু ইয়াৰ পাচত তেওঁ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৷
ইয়াৰ পিছতে উদ্বোধন কৰিব ৫,৯৫০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প । সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মেহছানা জিলাত উদ্বোধন কৰিব প্ৰকল্পৰ । প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ কেইবাটাও স্থানত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব(PM Modi to launch multiple development projects on 2-day Gujarat visit from Today) ।
প্ৰকল্প উদ্বোধনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন ৰাজহুৱা সভাত সম্বোধনৰ বাবে মেহছানাৰ খেৰালু তালুকাৰ ডাভোদা গাঁৱলৈ ৰাওনা হ’ব ৷ ইয়াত তেওঁ বিভিন্ন প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে ৰাজহুৱাত ভাষণ দিব ।
পিছদিনা অৰ্থাৎ মঙলবাৰে পুৱা ৮ বজাত তেওঁ কেৱাদিয়াত ‘ষ্টেচু অৱ ইউনিটি’ত শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পিছত ৰাষ্ট্ৰীয় ঐক্য দিৱস উদযাপন কৰা হ’ব ।উক্ত দিনাও কেইবাটাও প্ৰকল্পৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ পিচত প্ৰধানমন্ত্ৰীয়ে ৯৮ নং কমন ফাউণ্ডেশ্যনৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক সম্বোধন কৰিব ৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জাৰি কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ৰে’লৱে, গুজৰাট ৰে’ল আন্তঃগাঁথনি উন্নয়ন নিগম (GRIDE), ৰাজ্যিক জলসম্পদ আৰু পানী যোগান বিভাগ, পথ আৰু অট্টালিকা আৰু নগৰ উন্নয়ন বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ উন্নয়নমূলৰ কামৰ প্ৰকল্প মুকলি কৰাৰ লগতে তথা অধাৰশিলা স্থাপন কৰিব(Prime Minister Narendra Modi visits Gujarat) ৷
মোদীয়ে উন্মোচন কৰিবলগীয়া ১৬টা উন্নয়নমূলক প্ৰকল্প মেহছানা, আহমেদাবাদ, বানাস্কান্ত, সাবৰকান্ত, মহিসাগৰ, গান্ধীনগৰ আৰু পাটন জিলাক সামৰি লৈছে বুলি চৰকাৰী বিবৃতিখনত উল্লেখ কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জলসিঞ্চন প্ৰকল্প, পথ বহলীকৰণ আৰু নলা পৰিশোধন প্লাণ্টৰো আধাৰশিলা স্থাপন কৰিব বুলি চৰকাৰী বিবৃতিটোত উল্লেখ কৰা হৈছে ৷
লগতে পঢ়ক : Supreme Court Rejects Bail for Manish Sisodia : দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন অগ্ৰাহ্য