Prime Minister Narendra Modi to stay at Kaziranga : প্ৰধানমন্ত্ৰী মোদীৰ কাজিৰঙা ভ্ৰমণ; নৰূপত সজাই পৰাই তোলা হৈছে কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ চৌপাশ ৷
নিউজ ডেস্ক, ৬ মাৰ্চ : দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণ সূচীত কাজিৰঙাত অতিবাহিত কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।প্ৰধানমন্ত্ৰীক আদৰিবলো সাজু মন্ত্ৰী আমোলা বিষয়া(Prime Minister Narendra Modi to stay at Kaziranga) ৷
প্ৰধানমন্ত্ৰীৰ কাজিৰঙাত উপস্থিত হোৱাৰ সময়ত যাতে এক সুন্দৰ তথা সুশৃঙ্খল পৰিৱেশ অটুত থাকে তাৰ বাবে ব্যস্ত হৈ পৰিছে মন্ত্ৰী আমোলা বিষয়াসকল ৷
উল্লেখযোগ্য যে অহা ৮-৯ মাৰ্চৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । ৮ মাৰ্চৰ নিশা কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ আৰক্ষী অতিথিশালাত নৈশ যাপন কৰিব প্ৰধান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ৮ মাৰ্চৰ নিশা কাজিৰঙাত নৈশ যাপন কৰি, ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চল দৰ্শন কৰিব(Modi to visit Kaziranga on Sat) ৷
প্ৰধানমন্ত্ৰীৰ আগমনৰ লৈ ইতিমধ্যে নৰূপত সজাই পৰাই তোলা হৈছে কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখৰ চৌপাশ ৷ পুৰণা আচবাব সলাই লগোৱা হৈছে নতুন আচবাব ৷ প্ৰধানমন্ত্ৰীৰ বাবে হাতীছাফাৰী আৰু জীপছাফাৰী দুয়োটাৰে ব্যৱস্থা ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ টুৰিষ্ট ট্ৰেক মেৰামতি কৰাৰ লগতে আটকধুনীয়া কৰা হৈছে এলিফেণ্ট টাৱাৰ ।