Christmas Celebration : দেশবাসীক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ২৫ডিচেম্বৰ : আজি ২৫ ডিচেম্বৰ, পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্ববাসীয়ে আজি পালন কৰিব বৰদিন । বিশ্ববাসী ব্যস্ত বৰদিন উদযাপন কৰাত । আজি প্ৰতিটো গীৰ্জঘৰ কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে(Christmas Celebration) ।
আজি খ্ৰীষ্টানধৰ্মী লোকসকলক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে(Prime Minister Narendra Modi and Congress leader Rahul Gandhi extends Christmas greetings to the people)।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে বাবে শান্তি আৰু সমৃদ্ধি কামনা কৰে । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যীশুৰ মহৎ বাণীৰ কথাও স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰি এটা পোষ্টত লিখে, “সকলোকে বৰদিনৰ শুভেচ্ছা জনাইছো ! এই উৎসৱৰ বতৰে সকলোৰে বাবে আনন্দ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক । আহক সম্প্ৰীতি আৰু সহানুভূতিৰ ভাৱনাৰ উদযাপন কৰো যি খ্ৰীষ্টমাছৰ প্ৰতীক আৰু এনে এখন পৃথিৱীৰ বাবে কাম কৰো য’ত সকলোৱে সুখী আৰু স্বাস্থ্যৱান হৈ থাকিব পাৰে । আমি ভগৱান খ্ৰীষ্টৰ মহৎ বাণীও স্মৰণ কৰো আহক (“We recall noble teachings of Lord Christ”: PM Modi extends greetings on Christmas)।”
আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও বৰদিন উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে ।ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখে, “মেৰী খ্ৰীষ্টমাছ ! আপোনাৰ হৃদয় সুখেৰে ভৰি থাকক, আপোনাৰ ঘৰবোৰত সুখ আৰু আপোনাৰ জীৱন শান্তিৰে ভৰি থাকক ।” ইফালে কংগ্ৰেছ দলেও সকলোকে বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ।