PM Modi joins Austrian Chancellor for dinner : অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত যোগদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,১০জুলাই : অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আয়োজন কৰা নৈশ ভোজন অনুষ্ঠানত যোগদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, অষ্ট্ৰিয়াত নৈশ ভোজন অনুষ্ঠানত মোদীক ভাৰতীয় মূলৰ সদস্যসকলে আদৰণি জনায়(Prime Minister Modi joins Austrian Chancellor for dinner in Vienna)।
বুধবাৰে অষ্ট্ৰিয়াত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এদিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰিয়াত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।অষ্ট্ৰিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত শম্ভু কুমাৰণ আৰু অষ্ট্ৰিয়াৰ বৈদেশিক মন্ত্ৰী আলেকজেণ্ডাৰ শ্বেলেনবাৰ্গে আদৰণি জনায় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক ।
অষ্ট্ৰিয়াৰ বৈদেশিক মন্ত্ৰী আলেকজেণ্ডাৰ শ্বেলেনবাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাই X যোগে কয় “ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ঐতিহাসিক অষ্ট্ৰিয়া ভ্ৰমণলৈ উষ্ম আদৰণি জনাইছো । দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কই ৭৫ বছৰ সম্পূৰ্ণ কৰিলে ৷ দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব বিশ্বৰ নিৰাপত্তা, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰতি যৌথ প্ৰতিশ্ৰুতিৰ ভিত্তিত গঢ় লৈ উঠিছে ।”
ইয়াৰ পিচতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰেও প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ভাৰতক বন্ধু আৰু অংশীদাৰ আখ্যা দি কয় যে তেওঁ এই ভ্ৰমণৰ সময়ত ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিবলৈ আগ্ৰহী ।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ছেল্ফী শ্বেয়াৰ কৰি কাৰ্ল নেহামাৰে এটা পোষ্টত লিখিছে, “ভিয়েনালৈ আপোনাক স্বাগতম, পিএম নৰেন্দ্ৰ মোদী! আপোনাক অষ্ট্ৰিয়ালৈ আদৰণি জনোৱাটো এক আনন্দ আৰু সন্মানৰ কথা । অষ্ট্ৰিয়া আৰু ভাৰত বন্ধু আৰু অংশীদাৰ ৰাষ্ট্ৰ । আপোনাৰ ভ্ৰমণৰ সময়ত আমাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আলোচনাৰ বাবে মই আগ্ৰহী !”
নেহামাৰৰ উষ্ম আদৰণিৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ধন্যবাদ জনাই কয় যে ভাৰত আৰু অষ্ট্ৰিয়াই একেলগে কাম কৰি যাব(PM Modi joins Austrian Chancellor for dinner) ।
X ত এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ আৰু নেহামাৰৰ কিছু ভাল সময়ৰ ছবি শ্বেয়াৰ কৰি কয়, “ধন্যবাদ, চেঞ্চেলৰ কাৰ্ল নেহামাৰ, উষ্ম আদৰণিৰ বাবে । মই কাইলৈ আমাৰ আলোচনাৰ বাবে আগ্ৰহী । দুয়োখন দেশে অনাগত দিনত একেলগে কাম কৰি যাব… ।”
লগতে পঢ়ক : Congress Joining Program : বুধাবাৰে গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী