সামগ্ৰীৰ মূল্যবৃদ্ধি, বাদ নপৰিল ফেৰীৰ টিকটৰ দামো

নিউজ ডেস্ক,৭ মে:-মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক, দৈনন্দিন নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে বৃদ্ধি পাব ফেৰীৰ টিকটৰ দাম।
বৰ্তমানৰ টিকটৰ দাম ২ আৰু ৪ গুণ বৃদ্ধি কৰা হব। এই প্ৰস্তাৱ গ্ৰহণ কৰিছে শেহতীয়াকৈ আভ্যন্তৰীণ জল পৰিবহন বিভাগে ৷
জল পৰিবহন বিভাগৰ প্ৰস্তাৱ কাৰ্যকৰী হ’লে বৰ্তমান ২.৫০ টকাৰ টিকটৰ দাম হ’ব দিনৰ ভাগত ৫ টকা আৰু নিশা ৮ বজাৰ পিছত ৪ গুণ বৃদ্ধিৰে হ’ব ১০ টকা৷ ঠিক তেনেদৰে আন আন টিকটৰো দাম ২ আৰু ৪ গুণকৈ বৃদ্ধি পাব ৷
আনহাতে ৰোপেক্সৰ ক্ষেত্ৰতো তেনেদৰে ৮ টকাৰ পৰিৱৰ্তে দুগুণ বৃদ্ধি হৈ ১৬ টকা আৰু ৰাতি ৮ বজাৰ পিছত ৪ গুণ বৃদ্ধি হৈ হ’ব ৩২ টকা ৷
গুৱাহাটী মণ্ডলৰ লগতে ডিব্ৰুগড় আৰু শিলচৰ মণ্ডলৰো টিকটৰ নিৰিখ একে হাৰতে বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে ৷
উল্লেখযোগ্য যে, AIWTRAৰ এই প্ৰস্তাৱত কাৰোবাৰ আপত্তি থাকিলে অহা ১৫ দিনৰ ভিতৰত aiwtra2019@gmail.comত জনাব পাৰিব বুলি মন্তব্য কৰে জল পৰিবহন বিভাগে।