Local, Vocal, Global

Price Revision for Purabi Products Across Assam : এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম

নিউজ ডেস্ক,২৮জুলাই : ৰাইজক মাধমাৰ দিবলৈ সাজু শাসনাধিষ্ঠ চৰকাৰ । জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ। ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব ।

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ইতিমধ্যে কোঙা কৰিছে সাধাৰণ জনতাক। সকলোবোৰ সামগ্ৰীৰ মূল্যবৃ্দ্ধি অব্যাহত থকাৰ মাজতে পুনৰ আহিল আন এবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰ ।

ৰাজ্যত এইবাৰ বৃদ্ধি পালে পূৰৱী গাখীৰৰ দাম। প্ৰতি লিটাৰ পূৰৱী গাখীৰত বৃদ্ধি পালে ২ টকাকৈ। গাখীৰৰ লগতে পূৰৱী বেণ্ডৰ প্ৰতিবিধি দুগ্ধজাত সামগ্ৰীৰ বৃদ্ধি পালে দাম(Price Revision for Purabi Products Across Assam)।

৫০০ মিলি লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৩২ টকাৰ পৰিৱৰ্তে ৩৩ টকালৈ বৃদ্ধি। ৫০০ মিলি লিটাৰৰ পূৰৱী ষ্টেডাৰ্ড গাখীৰ মূল্য ৩৩ টকাৰ পৰিৱৰ্তে ৩৪ টকালৈ বৃদ্ধি। ৫০০ মিলি লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৩৬ টকাৰ পৰিৱৰ্তে ৩৭ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী স্মাৰ্ট প্লাছ গাখীৰ মূল্য ৬৪ টকাৰ পৰিৱৰ্তে ৬৬ টকালৈ বৃদ্ধি। ১ লিটাৰৰ পূৰৱী গ’ল্ড গাখীৰ মূল্য ৭০ টকাৰ পৰিৱৰ্তে ৭২ টকালৈ বৃদ্ধি(WAMUL Announces Price Revision for Purabi Products Across Assam)।

গাখীৰ লগতে প্ৰতি ২০০ গ্ৰাম পনীৰ মূল্য ৯০ টকাৰ পৰা ৯৫ টকালৈ বৃদ্ধি পালে। আনহাতে ৪০০গ্ৰাম পূৰৱী দৈৰ মূল্য ৩৩ টকাৰ পৰা ৩৪ টকালৈ বৃদ্ধি পালে। ২০০ গ্ৰাম পূৰৱী ঘীৰ মূল্য ১৮০ টকাৰ পৰা ১৯০ টকা লৈ বৃদ্ধি পোৱাৰ লগেত ৫০০ গ্ৰাম পূৰৱী ঘীৰ মূল্য ৪৩০ৰ পৰা ৪৫০ টকালৈ বৃদ্ধি পালে।

লগতে পঢ়ক : 8 Killed After Vehicle Falls Into Gorge in Jammu and Kashmir : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;শিশুসহ নিহত ৮জন