Local, Vocal, Global

Price hike protests in Sivasagar:সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে

শিৱসাগৰ,২০নৱেম্বৰ : অত্যাৱশ্যকীয়া সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ জনতাক।

ইয়াৰ পাৰিপেক্ষিতত আজি পুনৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী।

আছুৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই বৰ্ডিং খেলপথাৰৰ সন্মুখৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে সমদল উলিয়াই বিক্ষোভ প্ৰদৰ্শন কৰে(Price hike protests in Sivasagar)।

আছু কৰ্মী সকলে মূল্য বৃদ্ধি ৰোধ কৰক, যোগান বিভাগ মুৰ্দাবাদ, সৰ্বসাধাৰণ জনতাৰ ওপৰত শোষণ বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে।

অত‌্যাৱশ্যকীয় খাদ‌্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত যোগান বিভাগ চূড়ান্ত ব্যৰ্থ হোৱাৰ পিছতো মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে চকুমুদা কুলিৰ ভাও ধৰা বুলিও ক্ষোভ প্ৰকাশ কৰে আছুৰ বিষয়ববীয়া সকলে।

লগতে পঢ়ক:ASU protests in Mangaldoi: মঙলদৈত মূল্য বৃদ্ধিক লৈ আছুৰ প্ৰতিবাদ