Price hike protests in Hatsingimari: দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী
হাটশিঙিমাৰী,২০নৱেম্বৰ : বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পৰাই যেন মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ দেশ। কি বস্তুত বৃদ্ধি হোৱা নাই মূল্য? খোৱা-বোৱাকে ধৰি সুৰালৈকে প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বিজেপি চৰকাৰ(Price hike protests in Hatsingimari)। অথচ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা প্ৰতিশ্ৰুতিৰে ভাষণৰ ফুলজাৰী মাৰিয়েই শাসনলৈ আহিছিল এইখন চৰকাৰ।
দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে উত্তাল প্ৰতিবাদ ।
চৰকাৰ বিৰোধী বিভিন্ন শ্লো গানেৰে বেনাৰ পোষ্টাৰ হাতত লৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।
জিলা সদৰ হাটশিঙিমাৰীৰ কলেজ নগৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰে।
লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধী ৰোধ কৰিবলৈ চৰকাৰক দাবি উত্থাপন কৰাৰ লগতে সকিয়নী প্ৰদান কৰে।
লগতে পঢ়ক :Dead Body Found in Jorhat: যোৰহাট ৰে’লৱেৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ