Local, Vocal, Global

Price hike protests in Dispur : অসমৰ প্ৰত্যেকখন বজাৰত জুই লাগিছে, মূল্যবৃদ্ধিৰ জুই

গুৱাহাটী, ৪ জুলাই : বিজেপি চৰকাৰখন শাসনলৈ অহাৰ পৰাই যেন মূল্যবৃদ্ধিয়ে দহিছে সমগ্ৰ দেশ(Price hike protests in Dispur) । কি বস্তুত বৃদ্ধি হোৱা নাই মূল্য? খোৱা-বোৱাকে ধৰি সুৰালৈকে প্ৰত্যেকটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বিজেপি চৰকাৰ(Price hike protests in Dispur)। অথচ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা প্ৰতিশ্ৰুতিৰে ভাষণৰ ফুলজাৰী মাৰিয়েই শাসনলৈ আহিছিল এইখন চৰকাৰ। মূল্যবৃদ্ধিৰ প্ৰতিবাদত দিছপুৰ কঁপালে ৰাইজৰ দলে

আজিৰ তাৰিখত গুৱাহাটীকে ধৰি অসমৰ প্ৰত্যেকখন বজাৰত যেন জুই লাগিছে । এই জুই মূল্যবৃদ্ধিৰ । সোমবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুল শইকীয়াই এখ মন্তব্য কৰিছে যে ,পাচলিৰ বজাৰৰ পৰা আহিলো । জুই মাজেদি খোজকাঢ়ি অহা যেন অনুভৱ হ’ল।

শেহতীয়াকৈ অসমৰ সকলো বজাৰতে পাচলিৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জ্বলা-কলা খোৱাইছে সাধাৰণ ৰাইজক । বিশেষকৈ ৰাজ্যৰ ৰাজধানী গুৱাহাটী চহৰত ১০০ টকাৰ তলত যেন একো পাচলিয়েই কিনিবলৈ পোৱা নাযায়। আলু, পিয়াজ, কবি, কেৰালা, জিকা, পটল আদি সকলো পাচলিৰ দাম আজি ১০০ টকাতকৈ অধিক হৈ পৰিছে ।

গুৱাহাটীত আজিৰ এক কিলোগ্ৰাম বিলাহীৰ খুচুৰা বজাৰমূল্য ১২০ টকা । অথচ পাকিস্তানত আজিৰ তাৰিখত বিলাহীৰ মূল্য ইয়াৰ আধাতকৈও কম ।

তথ্য অনুসৰি আজিৰ তাৰিখত পাকিস্তানৰ কাৰাছী, লাহোৰ আদিকে ধৰি অন্যান্য মুখ্য চহৰবোৰত ১ কিলোগ্ৰাম বিলাহীৰ মূল্য ৪৫ টকা । আনহাতে পাকিস্তানত আজিৰ তাৰিখত প্ৰতি কিলোগ্ৰাম ভেণ্ডিৰ মূল্য ৩৫, বীটৰ মূল্য প্ৰতি কিলোগ্ৰাম ৪৫, বন্ধা কবিৰ ২৫, ৰঙালাওৰ ২০ আৰু প্ৰতি কিলোগ্ৰাম আলুৰ মূল্য ২০ টকা। অৰ্থাৎ গুৱাহাটীতকৈ যথেষ্ট কম মূল্যত পাচলি ক্ৰয় কৰি খাই আছে পাকিস্তানৰ জনতাই ।

ইয়াৰ মাজতে মূল্যবৃদ্ধিৰ প্ৰতিবাদত দিছপুৰ কঁপালে ৰাইজৰ দলে । ৰাজ্যৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে মঙল বাৰে গুৱাহাটী মহানগৰীৰ গণেশগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ পূৰ্বৰে পৰা প্ৰতিবাদস্থলীত সষ্টম হৈ থাকে শতাধিক আৰক্ষী । অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীৰ মূৰত ৰাম টাঙোন শোধোৱাৰ অভিযোগ তুলি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তুলি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।

উল্লেখযোগ্য যে প্ৰতিবাদ আৰম্ভ কৰাৰ লগে লগেই প্ৰতিবাদকাৰী সকলক আটক কৰি চৰ্চালৈ লৈ আহে সষ্টম আৰক্ষী বাহিনীয়ে।

প্ৰতিবাদকাৰী গলে বিভিল্ল শ্লোগানেৰে উত্তাল কৰি তোলে মহানগৰীৰ ৰাজপথ । হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ শাসনলৈ অনাৰ কথা ভাবিলে আগতে গছৰ পাত চোবাই ভোক নিবাৰণ কৰিবলৈ শিকিব লাগিব অসমীয়া জাতিয়ে – ৰাইজৰ দল, বিজেপিক ভোট দি এতিয়া কপাল চপৰিয়াই মৰো , সমানে সমানে কৰিবা কাজ , তিনি গগৈৰ লগত হাৰি নকৰিবা লাজ , যি ৰাজ্যত নুগুছে কন্দল, সেই ৰাজ্যত নুফুলে কমল , তুলসীৰ তলে তলে মৃগ পহু চৰে ,বিজেপি চৰকাৰে ৰাইজৰ তেজ শুহি খালে , আমদালি গাঁঠিছে মূল্যবৃদ্ধি কৰিছে , মামাৰ চৰকাৰে জনতাৰ ওপৰত ৰাম টাঙোন শোধাইছে , ঢাপলিকা চৰায়ে ঢাপে ঢাপে বগালে , বিজেপি চৰকাৰে জনতাক ৰাম টাঙোন শোধালে , বহুত হ’ল ৰাইজৰ ওপৰত মূল্যবৃদ্ধিৰ মাধমাৰ এতিয়াও কিয় শুই আছা মোডী-মামাৰ চৰকাৰ???” আদি শ্ল’গানেৰে গণেশগুৰিৰ লগতে চচলৰ প্ৰতিবাদস্থলীও উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।

উল্লেখ্য যে উপ আৰক্ষী আয়ুক্ত হিমাংশু দাসে জাতীয় যুৱ বাহিনীৰ সভাপতিৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰে।

লগতে পঢ়ক : CM visit at Nalbari: নলবাৰীত কেবাটাও প্ৰকল্প মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ