Local, Vocal, Global

চুতিয়া জাতি বিকাশ পৰিষদ অসমৰ পৰা প্ৰেছ বিজ্ঞপ্তি

চুতীয়া জাতি বিকাশ পৰিষদৰ অসমৰ তৰফৰ পৰা অৱগত কৰিছেযে, যোৰহাট ৰৰৈয়া বিমানবন্দৰ সম্প্ৰসাৰণ আৰু এটি ৰ’ড সংযোগী পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমি ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ লাভ কৰা ক্ষেত্ৰত একাংশ স্থানীয় ব্যক্তিয়ে লোক নিৰ্মান বিভাগ, ভু মাফিয়া আৰু ৰাজহ চক্ৰ বিভাগৰ এচাম দুৰ্নীতিৰ গ্ৰস্ত বিষয়াই অসৎ পথ অৱলম্বন কৰা অভিযোগ উত্থাপিত কৰিছে ।

এই ক্ষেত্ৰত বিশেষ ভাৱে অভিযোগ উত্থাপিত হৈছে পশ্চিম ৰাজহ চক্ৰৰ লাট মণ্ডল তীৰ্থ গোহাঁই, আৰু নাওশলীয়া গাঁও নিবাসী শিক্ষক পুলক বৰাৰ বিৰুদ্ধে।

এই সন্দৰ্ভত নিৰঞ্জন বৰা নামৰ এজন স্থানীয় যুৱকে RTI ৰ তথ্য যোগে বিভাগীয় বিষয়াৰ পৰা তথ্য বিছৰাৰ পিছত প্ৰায় দুমাহ অতিক্ৰম কৰাৰ পাছতো যুৱক গৰাকীয়ে কোনো সদুত্তৰ লাভ নকৰিলে তাৰ বিপৰীতে অভিযোগ অনুসৰি মাফিয়া চক্ৰই যুৱক জনৰ লগতে তেওঁৰ পৰিয়ালৰ ব্যক্তি সকলক অত্যাধিক মানসিক নিৰ্যাতন চলোৱাত নিৰঞ্জন বৰাক বিগত ১২ডিচেম্বৰ ২০২৩ তাৰিখে প্ৰথমে যোৰহাট ব্যক্তিগত নাছিং হোমত ভৰ্তি কৰায়, যদিও পৰৱৰ্তীকালত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই, কিন্ত দুৰ্ভাগ্যজনক বিষয় ১৪ ডিছেম্বৰ ২০২৩ তাৰিখে পুৱা নিৰঞ্জনৰ বৰাৰ মৃত্যু হয়।

নিৰঞ্জন বৰাৰ মৃত্যুত চুতিয়া জাতি বিকাশ পৰিষদ অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভুমি কেলেংকাৰীৰ লগত জড়িত প্ৰত্যেক জন ব্যক্তিক চিনাক্ত কৰি প্ৰশাসনক উচিত শাস্তিৰ দাবী উত্থাপন কৰিছে। চুতিয়া জাতি পৰিষদৰ মুখ্য আহ্বায়ক ৰাজ বাঢ়ৈ বৰা চুতিয়াই এক প্ৰেছ বিজ্ঞপ্তিৰ দ্বাৰা সমগ্ৰ বিষয় সন্নিবিষ্ট কৰিছে