Local, Vocal, Global

বড়ো সাহিত্য সভা উপলক্ষ্যে তামুলপুৰলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

নিউজ ডেস্ক,২৪ মাৰ্চঃ অহা ২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ২৭ এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তামুলপুৰত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন। এই অধিৱেশনৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি কোবিন্দ।

বুধবাৰে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা এই সন্মতি প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা উপস্থিতিৰ দিন সদৰী কৰাৰ লগে লগে বড়ো সাহিত্য সভাই ঘোষণা কৰে ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ দিন।

ইয়াৰপিছতেই তামুলপুৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাস, আৰক্ষী অধীক্ষক পংকজ যাদৱে বিভিন্ন বিভাগৰ বিষয়াসকলক লগত লৈ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কচুবাৰীস্থিত বড়ো সাহিত্য সভাৰ অধিৱেশনৰ স্থান পৰিদৰ্শন কৰে।

বড়ো সাহিত্য সভাৰ সভাপতি সভাপতি তৰুণ বড়োৱে কয় যে, আগন্তুক তামুলপুৰ অধিৱেশনত উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি নেপাল, ত্ৰিপুৰা, বাংলাদেশৰ বিশেষ অতিথিসকল। লগতে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, অসমৰ ৰাজ্যপাল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

ইপিনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, বড়ো সাহিত্য সভাত দেশৰ প্ৰথমজন নাগৰিক ৰাষ্ট্ৰপতি উপস্থিত থাকিব। এয়া সৌভাগ্যৰ কথা।