President of Jamuguri Students Union, Suren Kalita passes away : জামুগুৰিহাট ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতিৰ মৃত্যু;বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত শোকস্তব্ধ জামুগুৰিহাট

জামুগুৰিহাট, ১৮ ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিৱাসী সুৰেন কলিতাৰ মৃত্যু । আজি পুৱা প্ৰায় ৬ বজাত বাৰ্ধক্য জনিত ৰোগত মৃত্যু হয় সুৰেন কলিতাৰ।মৃত্যুৰ সময়ত কলিতাৰ বয়স আছিল ৮১ বছৰ।
১৯৬৫ চনত গঠন হোৱা জামুগুৰি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কলিতা। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক হিচাপে অৱসৰ গ্ৰহন কৰা সুৰেন কলিতা বৰ্তমান জামুগুৰি চিনিয়ৰ চেকণ্ডৰী স্কুলৰ সভাপতিৰ লগতে বহুকেইটা সামাজিক সংগঠনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল(President of Jamuguri Students Union, Suren Kalita passes away)।
তেখেতৰ মৃত্যুৰ পাছতেই নিজা বাসভৱনত গুনমুগ্ধৰে ভৰি পৰা দেখা যায় ৷প্ৰায় পঞ্চাছ টাৰো অধিক সংগঠনে শ্ৰদ্ধাঞ্জলি জনোৱা সুৰেন কলিতাৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ ৷ মৃত্যুৰ সময়ত তেখেতে দুগৰাকী জী, এগৰাকী পুত্ৰ-বোৱাৰী আৰু নাতি নাতিনীক ইহসংহাৰত এৰি থৈ যায় ।
বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত শোকস্তব্ধ জামুগুৰিহাট।
লগতে পঢ়ক : Drugs Peddler Arrested : জামুগুৰিহাটত গাঞ্জাসহ আটক সৰবৰাহকাৰী