President Murmu presents Padma Awards at Rashtrapati Bhavan : সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিয়ে প্রদান কৰিলে ২০২৪বৰ্ষৰ পদ্ম বঁটা;অসমৰ ৩গৰাকীলৈ পদ্মশ্রী সন্মান
নিউজ ডেস্ক,২৩ এপ্ৰিল : সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৰ পদ্ম বঁটা প্রদান ।সোমবাৰে ২০২৪ বৰ্ষৰ বাবে ৩ গৰাকী ব্যক্তিক পদ্ম বিভূষণ, ৮ গৰাকী ব্যক্তিক পদ্ম ভূষণ আৰু ৫৫ গৰাকী ব্যক্তিক পদ্মশ্রী সন্মান প্রদান কৰে।এই অনুষ্ঠানত উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে(President Murmu presents Padma Awards at Rashtrapati Bhavan)।
দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্রপতি মুর্মুৱে প্রাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু কতসভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ড০ পদ্মা সুব্রমণ্যমক পদ্ম বিভূষণ সম্মান প্রদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়।
আনহাতে পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে অসমৰ পৰা হস্তী বিশেষজ্ঞ পার্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ সুকন্নানী শিল্পী দ্রোন ভূঞাক পদ্মশ্রীক । এই অনুষ্ঠানতে অভিনেতা মিথুন চক্রবর্তী আৰু সংগীত শিল্পী ঊষা উথুপে পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰে(President Murmu presents Padma Awards at Rashtrapati Bhavan)।
প্রবীন টেনিছ খেলুৱে ৰোহন বোপান্নাক ক্রীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্রী সন্মান প্রদান কৰা হয়।
উল্লেখযোগ্য যে দেশৰ সর্বোচ্চ সন্মান পদ্ম বঁটাসমূহ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্রীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্রদান কৰা হয়। পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্রী এই তিনিটা শিতানত প্রদান কৰা হয়। প্রতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটাসমূহ ঘোষণা কৰা হয়।
লগতে পঢ়ক : Massive fire breaks out at Sonapur : সোণাপুৰত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ