Local, Vocal, Global

President Murmu confers Bharat Ratna on L K Advani : দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন

নিউজ ডেস্ক,৩১মাৰ্চ : দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লাল কৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন প্ৰদান। দেওবাৰে ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে লাল কৃষ্ণ আদৱানীলৈ(President Murmu confers Bharat Ratna on L K Advani)।

দেওবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে লাল কৃষ্ণ আদৱানীৰ বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে।

এই সময়চোৱাত ৰাষ্ট্ৰপতিগৰাকীৰ সংগ দিয়ে উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বহু কেইগৰাকী বিশিষ্ট নেতাই(President Murmu confers Bharat Ratna upon BJP veteran LK Advani)।

শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব পৰা নাছিল আদবানী। যাৰ বাবে আজি আদবানীৰ বাসগৃহত উপস্থিত হৈ এই সন্মান প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে।

লগতে পঢ়ক : ED takes custody of Sheikh Shahjahan in land grab case : ভূমি দখল গোচৰৰ সন্দৰ্ভত জেৰা কৰে নিলম্বিত টিএমচিৰ নেতা শ্বাহজাহান শ্বেখক