President Murmu confers Bharat Ratna awards to five luminaries : চাৰিগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান

নিউজ ডেস্ক,৩০মাৰ্চ : আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও আৰু চৌধুৰী চৰণ সিং, কৃষি বিজ্ঞানী এম এছ স্বামীনাথন আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে(President Droupadi Murmu confers Bharat Ratna awards on LK Advani, Chaudhary Charan Singh, three others) ।
কেন্দ্ৰীয় চৰকাৰে এইবাৰ মুঠ ৫ জন ব্যক্তি ভাৰত ৰত্ন সন্মান আগবঢ়াই।
এইবাৰ চৰকাৰে ভাৰতৰত্ন প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ স্বৰূপ তথা প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানীকো ।শাৰীৰিক অসুস্থতাৰ বাবে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব নোৱাৰা আদৱানীক দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাসগৃহলৈ গৈ তাতেই তেওঁক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ভাৰত ৰত্ন সন্মান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত চাৰিগৰাকী ব্যক্তিৰ পৰিয়ালক ভাৰতৰত্ন প্ৰদান কৰাৰ বিপৰীতে প্ৰবীণ বিজেপি নেতা এল কে আদৱানীক তেওঁৰ বাসগৃহত ভাৰতৰত্ন প্ৰদান কৰা হ’ব(President Murmu confers Bharat Ratna awards to five luminaries) ।
চলিত বৰ্ষৰ ভাৰতৰত্ন প্ৰদান অনুষ্ঠানৰ পূৰ্বে শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনে কয় যে ৰাষ্ট্ৰপতি ভৱনত প্ৰতি সপ্তাহত অনুষ্ঠিত হোৱা সামৰিক পৰম্পৰা, ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ দেহৰক্ষীসকলৰ এটা সক্ৰিয় গোটে দায়িত্ব ল’বলৈ কোনো ধৰণৰ গাৰ্ড অৱ চেৰিমনি সলনি নহ’ব(Bharat Ratna awards) ।
উল্লেখ্য যে, ২০১৪ ত প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰৰ কাৰ্যকালত পূৰ্বৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী, পূৰ্বৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সৈতে মুঠ ৪ জনলৈ আগবঢ়াইছিল ভাৰত ৰত্ন সন্মান। মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তত পুনৰ ৫ গৰাকী লোকলৈ ভাৰত ৰত্ন সন্মান আগবঢ়োৱাত এতিয়া সৰ্বমুঠ ভাৰত ৰত্ন লাভ কৰা ব্যক্তিৰ সংখ্যা হ’লগৈ ৫৩ গৰাকী।
লগতে পঢ়ক : Tragic Road Accident in Barpeta : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে স্কুটীক,থিতাতে নিহত তিনিজন