Local, Vocal, Global

৬ এপ্ৰিলত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ডিজিটেল ডেস্ক:- কাইলৈ অৰ্থাৎ ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।৭ এপ্ৰিলত গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।১৯৯২ চনৰ আৰম্ভ হোৱা হস্তী প্ৰকল্পৰ ৩০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অহা ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙাত অনুষ্ঠিত হ’ব গজ মহোৎসৱ ।

মঙলবাৰে বিত্তমন্ত্ৰী অজন্ত নেওগে অনুষ্ঠানৰ বিভিন্ন কাৰ্য্যসূচীৰ প্ৰস্তুতিৰ বিষয়ে বুজ লয়।ন- ৰূপত সজাই পৰাই তোলা হৈছে ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। ৰাষ্ট্ৰপতিক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

বিত্তমন্ত্ৰী গৰাকী আশাবাদী যে এই অনুষ্ঠানত ২০ ৰ পৰা ৩০ হাজাৰ লোকৰ সমাগমেৰে অনুষ্ঠান সফল হ’ব।ৰাষ্ট্ৰপতি দ্ৰৌপদি মুৰ্মুয়ে কাইলৈ কাজিৰঙাত উপস্থিত হৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলত জীপ ছাফাৰীৰে কাজিৰঙাৰ সৌন্দৰ্য্য উপভোগ কৰাৰ পাছত হাতী সংৰক্ষণৰ প্ৰদৰ্শনী মুকলি কৰিব।

ইয়াৰ পাছত ৭ এপ্ৰিলত পুৱা উদ্যানৰ কঁহৰা বনাঞ্চলত হাতী ছাফাৰী কৰাৰ পাছত গজ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে