Local, Vocal, Global

Preparations underway to celebrate 78th Independence day : পৰ্বতঝোৰাত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি

পৰ্বতঝোৰা,১২আগষ্ট : সমাগত স্বাধীনতা দিৱস । ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি ব্যাপক প্ৰস্তুতি। সমগ্ৰ দেশৰ লগতে পৰ্বতঝোৰাত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি(Preparations underway to celebrate 78th Independence day)।

প্ৰতিবছৰৰ দৰে এইবাৰো পৰ্বতঝোৰা মহকুমাৰ কাজীগাওঁৰ গাৰো বজাৰ খেল পথাৰত কেন্দ্ৰীয়ভাবে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে ব্যাপক আয়োজন কৰি থকা পৰিলক্ষিত হয়।

খেল পথাৰখন সজাই পৰাই তোলাৰ লগতে অসম আৰক্ষী আৰু ছাত্র ছাত্ৰী সকলোৱে পেৰেড অনুশীলনৰ ব্যস্ত হৈ পৰা দেখা গৈছে(Preparations underway to celebrate 78th Independence day in Parbatjhora )।

আনফালে আকৌ স্বাধীনতা দিৱসৰ দিনা যাতে কোনো কূটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবে নিৰাপত্তা কটকটীয়া কৰি তুলিছে অসম আৰক্ষীয়ে।

লগতে পঢ়ক : Independence Day 2024 : ধেমাজিত জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজত স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতি