BJP appoints observers to pick CMs in 3 states : শীৰ্ঘে ঘোষণা কৰা হ’ব ৰাজস্থানকে ধৰি তিনিখন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰী
নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : অতি শীৰ্ঘে ঘোষণা কৰা হ’ব ৰাজস্থানকে ধৰি তিনিখন ৰাজ্যৰ বিজেপিৰ মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰী নিৰ্বাচন সন্দৰ্ভত পৰ্যবেক্ষক নিয়োগ কৰা হৈছে(BJP appoints observers to pick CMs in 3 states) ।
জানিব পৰা মতে, শনিবাৰে সন্ধিয়ালৈ তিনিওগৰাকী পৰ্যবেক্ষক জয়পুৰত উপস্থিত হ’ব আৰু দেওবাৰে দলীয় কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হ’ব । এই বৈঠকত উপস্থিত থাকিব ৰাজনাথ সিঙ ।বৈঠকত ৰাজনাথ সিঙ উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিষয়ত সকলো বিধায়কৰ সৈতে সহমত প্ৰদৰ্শনৰ চেষ্টা চলাব(preparations for legislative party meeting amid suspense on cm of rajasthan observers likely to reach jaipur) ।
উল্লেখ্য যে তিনি ৰাজ্যকে ধৰি ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব তাকে লৈ দিল্লীত আলোচনা চলি আছে । এই চিন্তা-চৰ্চাৰ মাজতে বিজেপিয়ে দলৰ বৰ্ষীয়ান আৰু অভিজ্ঞ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিধায়কসকলৰ মাজত সহমত সৃষ্টিৰ দায়িত্ব প্ৰদান কৰিছে । ৰাজনাথ সিঙৰ লগতে আন দুজন পৰ্যবেক্ষক ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডে আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱদেকো নিযুক্তি দিয়া হৈছে ।
দলীয় সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী নিৰ্বাচনৰ পৰ্যবেক্ষকসকল শনিবাৰে সন্ধিয়া জয়পুৰত উপস্থিত হ’ব আৰু সম্ভৱত দেওবাৰে বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত সহমত সৃষ্টিৰ চেষ্টা কৰা হ’ব (BJP appoints observers as suspense over new CMs in 3 states continues)।
প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ দৌৰত বহুকেইটা নাম আছে । তাৰ ভিতৰত অন্যতম হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, জ্যেষ্ঠ বিজেপি নেতা ওম মাথুৰ, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মেঘৱাল, কেন্দ্ৰীয় মন্ত্ৰী অশ্বনী বৈষ্ণৱ, দিয়া কুমাৰী, বাবা বালক নাথ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি চি পি যোশীৰ নাম(BJP appoints observers to pick CMs in 3 states) ।
লগতে পঢ়ক : ISIS terror conspiracy case: ISISৰ লিংক বিচাৰি ৪৪টা স্থানত NIAৰ অভিযান