Preparations are underway to celebrate Magh Bihu: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন
নগৰবেৰা,৯জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। আঘোণৰ সোণালী ধান ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সাজু প্ৰতিজন অসমীয়া । ৰাজ্যৰ চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি।
সমগ্ৰ অসমৰ লগতে চেঙাত চলিছে হেঁপাহৰ ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি । ভোগালী বিহুত থলুৱাভাৱে প্ৰস্তুত কৰা গুৰৰ চাহিদাও যথেষ্ট ৷
যাৰ বাবে ভোগালীৰ প্ৰাকখনত থলুৱা গুৰ প্ৰস্তুতকাৰী সকলেও দিনে নিশাই গুৰ প্ৰস্তুত কৰাত লাগি পৰিছে(Preparations are underway to celebrate Magh Bihu) ৷
আলোপতিত থলুৱাভাৱে প্ৰস্তুত কৰা গুৰৰ চাহিদা বজাৰত যথেষ্ট ৷
কিয়নো পাৰ্শ্বৱৰ্তী সৰু বৰ সকলো বজাৰৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা বেপাৰী সকলোৰ ওচৰত কেজি প্ৰতি ৮০ টকা দৰত পাইকাৰী হিচাপে বিক্ৰী কৰাৰ লগতে ১০০ টকা দৰত খুচৰা বিক্ৰী কৰি আহিছে ৷
উল্লেখ্য যে, বিগত ২৫ টা বছৰে থলুৱাভাৱে গুৰ প্ৰস্তুত কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন একাংশক সংস্থাপন দিছে ৷