Preparations are underway to celebrate Magh Bihu: হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে;আঘোণৰ সোণালী ধান ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সাজু প্ৰতিজন অসমীয়া
জামুগুৰিহাট,৮জানুৱাৰী : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী আছে । আঘোণৰ সোণালী ধান ভঁৰালত সোমোৱাৰ পাছতে ভোগালীক আদৰাৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া । ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে ।
সমগ্ৰ অসমৰ লগতে জামুগুৰিহাটতো এতিয়া মাঘ বিহুৰ প্ৰস্তুতি তুংগত। ভেলাঘৰ সাজিবলৈ গাঁৱৰ যুৱক যুৱতী সকল ব্যস্ত হৈ পৰাৰ সমান্তৰাল কৈ গাঁৱৰ মহিলা সকলো ব্যস্ত হৈ পৰিছে পিঠা পনা তৈয়াৰ কৰা কামত।
জামুগুৰিহাটৰ পানীগাঁওৰ এইসকল মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিহুৰ পিঠাপনা তৈয়াৰ কৰি ইতিমধ্যেই বজাৰলৈ মুকলি কৰি দিয়া দেখা গৈছে। ঢেঁকী শালত বিহু গীত গাই এইদৰে এইসকল মহিলাই ভোগালী বিহু উপলক্ষ্যে এতিয়া খোলাপিঠা, বৰপিঠা, তিলৰ লাৰু,নাৰিকলৰ লাৰু, ঘিলাপিঠা তৈয়াৰ কৰাৰ কামত ব্যস্ত আছে।
মাঘবিহু উপলক্ষ্যে পিঠা পনা তৈয়াৰ কৰা এইসকল জামুগুৰিহাটৰ মহিলাই আজিৰ প্ৰজন্মক ঢেঁকীশাল ,তাতঁশালৰ লগত নিজকে জড়িত তথা সংপৃক্ত কৰি বিহুৰ স্বকীয়তা বজাই ৰাখিবলৈও আহ্বান জনাই।গাঁৱৰ মহিলাই ভোগালী বিহু উপলক্ষে তৈয়াৰ কৰা খাদ্য সামগ্ৰী সমুহ জামুগুৰিহাটৰ কাঠৰবাৰী চেন্টাৰত থকা ঢেকীশাল নামৰ বিপনি খনৰ স্বত্বাধিকাৰী হৰেন বৰাই তেখেতৰ পুত্ৰ হৃদয় কমল বৰাৰ জৰিয়তে সংগ্ৰহ কৰিছে(Preparations are underway to celebrate Magh Bihu)৷
যি সমুহ পিঠাপনা তথা বৰ পিঠা,তিলৰ লাৰু,নাৰিকলৰ লাৰু,খোলা পিঠা ,বৰ পিঠাৰ উপৰিও চিৰা,মুৰি আদিকে ধৰি বিহুৰ খাদ্য সামগ্ৰী সমুহৰ নিৰ্দ্দিষ্ট জোখত পেকেটিংৰ ব্যৱস্থা কৰি নিজৰ বিপনি খনৰ জৰিয়তে সুলভ মূল্যত গ্ৰাহক ৰাইজক যোগানৰ ব্যৱস্থা কৰিছে ৷ লগতে এই সমুহ ভোগালীৰ খাদ্য সমগ্ৰী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈকো প্ৰেৰন কৰিছে৷যাৰ ফলস্বৰূপেই গ্ৰামাঞ্চলৰ মহিলা সকলে তৈয়াৰ কৰা বিহুৰ খাদ্য সামগ্ৰী সমুহৰ চাহিদা দিনকদিনে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷
লগতে পঢ়ক :Umrangso Coal Mine:উমৰাংছ’ৰ কয়লা খনিৰ পৰা উদ্ধাৰ এটা মৃতদেহ