Watch | Preparations are underway in every part of the state for the Rangali Bihu: ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি

নগৰবেৰা: বাপতি সাহন হেঁপাহৰ ৰঙালী বিহুটিলৈ মাজত মাথো কেইটামান দিনহে বাকী। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত চলিছে হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি, আখৰা। নগৰবেৰাৰ পিজুপাৰাতো চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। এইবেলি নগৰবেৰাৰ পিজুপাৰা আঞ্চলিক ৰঙালী বিহু উৎযাপন সমিতিয়ে বিহু উপলক্ষে হাতত লৈছে বিভিন্ন কাৰ্যসূচীৰ । প্ৰায় ত্ৰিশ গৰাকী নাচনী- বিহুৱা, ঢুলীয়াই এমাহ ধৰি দিনে নিশাই চলাইছে বিহুৰ আখৰা।
ঢোল,পেপা, গগনাৰে সকলোৱে আখৰাত ব্যস্ত দেখিবলৈ পোৱা গৈছে। নগৰবেৰাৰ পিজুপাৰা আঞ্চলিক ৰঙালী বিহু হুঁচৰি দলটোৰ নাচনী বিহুৱাৰ লগতে উদযাপন সমিতিয়েও ব্যস্ত হৈ পৰিছে হেঁপাহৰ ৰঙালীক আদৰাৰ কাৰণে। অসমৰ বিভিন্ন বিহু মঞ্চত বিহু নাচৰ বাবে সাজু হৈ আছে নগৰবেৰাৰ পিজুপাৰা আঞ্চলিক ৰঙালী বিহু হুঁচৰি দলটোৱে।