জন্ম জিলাত উপেক্ষিত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে

নিউজ ডেস্ক : আজি হস্তীৰ কন্যা তথা গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৮৮ সংখ্যক জন্ম বাৰ্ষিকী। সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হৈছে লোক সংস্কৃতিৰ সম্ৰাগীগৰাকীৰ জন্ম বাৰ্ষিকী।
কিন্তু লোকগীতৰ সম্ৰাজ্ঞীগৰাকীক নিজ জন্ম জিলাত আজি উপেক্ষিত। চাপৰ পৌৰসভাৰ সন্মুখস্থিত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ প্ৰতিমূৰ্তিত নজ্বলিল এগছি চাকি। দুৰ্গা পূজাই যেন পাহৰি পেলালে লোকসংস্কৃতিৰ সম্ৰাজ্ঞীগৰাকীৰ জন্ম বাৰ্ষিকী।
কিন্তু চৰকাৰী বন্ধৰ বাবে কাণসাৰ নহল পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি কিম্বা কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ। অৱশেষত আগবাঢ়ি আহিল চাপৰ মাল্টি মিডিয়া প্ৰেছ ক্লাৱৰ সংবাদকৰ্মীসকল।
ঘটনাৰ বিষয়ে জানিব পাৰি সংবাদকৰ্মীসকলে নিজাববীয়াকৈ স্থানীয় সচেতন নাগৰিকৰ সহযোগত পদ্মশ্রীগৰাকীৰ প্ৰতিমূৰ্তিটো পৰিস্কাৰ কৰি সন্মান জনোৱা পৰিলক্ষিত হয়। এতিয়া প্ৰশ্ন হয় চাপৰৰ শিল্পী সমাজ তথা চাপৰ পৌৰসভাৰ বিষয় ববীয়াসকলে কিও পাহৰিব লগা হল লোক সংস্কৃতিৰ সম্ৰাজ্ঞী গৰাকীৰ জন্ম বাৰ্ষিকী?