Pratima Barua Pandey Birth anniversary: আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
নিউজ ডেস্ক, ৩ অক্টোবৰ: আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন।
৩ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোতে এটা ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰিছিল লোক-সংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ৷ ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল লোক-সংগীতৰ শিল্পীগৰাকী ।
তেওঁ অসমীয়া জাতিকটোক জীপাল কৰি তুলিছিল।যাৰ গানত অসমীয়া জীৱনৰ ভাব প্ৰকাশ পাইছিল।যাৰ গীতে আমাক অসমীয়া জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰে।যাৰ গীতত হাতী আৰু মানুহৰ কথাৰ লগতে নৌকা আৰু নদ নদীৰ কথা সমৃদ্ধ হৈ আছিল।যাৰ গীতে আমাৰ অসমীয়া থলুৱা জীৱন যাপনৰ ছবি দাঙি ধৰে।যাৰ গীতত অসমীয়া নিভাঁজ পৰম্পৰাৰ কথা প্ৰকাশ পাইছিল(Pratima Barua Pandey Birth anniversary)।
১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত জন্ম লৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ । তেখেতৰ পিতৃৰ নাম প্ৰাকৃতিশ বৰুৱা । ‘দেৱদাস’ৰ বাবে জনপ্ৰিয় প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ খুৰাক । তেখেতে কলিকতাৰে ‘গোখলে মেম’ৰিয়েল স্কুল’ৰ পৰা আৰম্ভ কৰিছিল শিক্ষা জীৱন ৷ ইয়াৰ পিচত ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত তেখেতে শিক্ষাগ্ৰহণ কৰে ৷ বিদ্যালয়ত তেখেতে ৰবীন্দ্ৰ সংগীত শিকে যদিও তেখেতে সংগীতৰ বাবে কোনো আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল ।
১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ “এৰা বাটৰ সুৰ” ছবিখনৰ দুটা গীতত কণ্ঠদান কৰি সংগীতৰ ক্ষেত্ৰখনত খোজ দিয়ে । গোৱালপৰীয়া লোকগীতলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেখেতে লাভ কৰিছিল পদ্মশ্ৰী বঁটা ৷ ইয়াৰ উপৰিও ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল তেখেতে ।
২০০২ চনৰ ২৭ ডিচেম্বৰত স্বৰ্গগামী হৈছিল অসমীয়া গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডে ৷
লগতে পঢ়ক : Daily Horoscope for 3rd October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল