Local, Vocal, Global

WATCH | Pramod Boro : ‘প্ৰমোদ বড়োৱে বিটিআৰত শিক্ষাৰ পৰিৱেশ গঢ়ি তুলিছে’

মুছলপুৰ,৩মে’ : বাক্সা জিলাৰ মুছলপুৰত এক সংবাদমেল সম্বোধন কৰি কেবাটাও বিস্ফোৰণ মূলক মন্তব্য কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা ৰাজনৈতিক দল ইউপিপিএলৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মই । তেওঁ প্ৰথমে ১ মে’ তাৰিখত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত পথৰ স্বীকৃতি দিয়া বাবে ভাৰত চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে ।

ইয়াৰ পিছতে ইউপিপিএলৰ মুখপাত্ৰ গৰাকীয়ে শিক্ষাৰ দিশত প্ৰমোদ বড়ো আগৰণুৱা বুলি উল্লেখ কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ প্ৰসংগ টানি কয় যে, হাগ্ৰামাই ১৭ বছৰত শিক্ষাৰ ধ্বংস যজ্ঞ পাতিছিল, কিন্তু যোৱা চাৰি বছৰত প্ৰমোদ বড়োৰ সময়ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল বিটিআৰৰ আটাইকেইখন জিলাতে চকুত লগা(Pramod Boro)।

বিগত ১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে হত্যা-হিংসা, বড়ো-অবড়ো ৰাজনীতি ইত্যাদি কৰিয়ে কটালে বুলি উল্লেখ কৰি মুখপাত্ৰ গৰাকীয়ে হাগ্ৰামাৰ দিনত ৩ হাজাৰৰো অধিক লোকক হত্যা কৰা হৈছিল বুলি এক অতি বিস্ফোৰণমূলক মন্তব্য আগবঢ়ায় ।

ইফালে যোৱা ২৪ এপ্ৰিলত অনুষ্ঠিত হোৱা বিটিচি চৰকাৰৰ বাজেট অধিৱেশনত পৱিত্ৰ সদনৰ মজিয়াত ৰাজহ বিভাগৰ পৰা পোৱা তথ্য অনুসৰি হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰীয়া শাসনকালত মাত্ৰ ১৬৭৩ টা পৰিয়ালক মাটিৰ পট্টা দিয়াৰ বিপৰীতে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে চাৰি বছৰত ১৬,৪০০ ভূমিপট্টা আৱন্টন দিয়া বুলি জানিবলৈ দিয়ে ।

মুখপাত্ৰ ৰাকেশ ব্ৰহ্মই কয় যে বিপিএফৰ কিছুমান নেতাই Tiger is back বুলি কৈ থাকে । সঁচাকে হাগ্ৰামা মহিলাৰী এটা Tiger, মানে যম । তেওঁ সকলো শেষ কৰি দিব । গতিকে তেওঁক গুৱাহাটীৰ চিৰিয়াখানাত থব লাগে ।

ইফালে বিপিএফৰ জ্যেষ্ঠ নেতা দুৰ্গা দাস বড়োক উভতি ধৰি ৰাকেশ ব্ৰহ্মই কয় যে, আপুনি এটা অভদ্ৰ মানুহ । আপোনাৰ ক’লা ইতিহাস আমাৰ হাতত মজুত আছে । আপুনি প্ৰথমতে নিজৰ বড়ো ভাষাটো শিকি লওক, মই আপোনাক উপদেশ দিছো । তেওঁ পুনৰ কয় যে দুৰ্গা দাস বড়োক গুৱাহাটীৰ মালিগাঁৱত বা পাণ্ডুত বজাৰত তেল থকা গাহৰি মাংস খোৱাৰ বাহিৰে বেলেগত শোভা নাপায় । প্ৰমোদ বড়োৰ নাম ল’বলৈ আপোনাক শোভা নাপায় ।

ইফালে নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি মুখপাত্ৰ গৰাকীয়ে কয় যে, আমি অকলে নিৰ্বাচন খেলিম বুলি নকওঁ কাৰণ আমি মিত্ৰজোঁট এনডিএত আছো, সিদ্ধান্ত অকলে নলওঁ ।

লগতে হাগ্ৰামা মহিলাৰীৰ সোঁৱে-বাঁৱে থকা বহু নেতাক সংবাদমেলৰ জৰিয়তে আক্ৰমণৰ লক্ষ্য কৰি লয় ইউপিপিএলৰ মুখপাত্ৰ ৰাকেশ ব্ৰহ্মই । প্ৰাক্তন সাংসদ হীৰা শৰণীয়াকো কটাক্ষ ৰাকেশ ব্ৰহ্মৰ ।

লগতে পঢ়ক : WATCH | Panchayat Election 2025: অহা ৭ মে’ত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন