Local, Vocal, Global

WATCH | Pradyut Bordoloi : সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্রমণ কৰা মূল অভিযুক্ত ইমদাদুল ইছলামক গ্ৰেপ্তাৰ

নগাঁও,৩০এপ্ৰিল : নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্রমণ কৰা মূল অভিযুক্ত ইমদাদুল ইছলামক গ্ৰেপ্তাৰ।

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ডুমডুমীয়া কাণ্ডৰ মূল নায়ক ইমদাদুল ইছলামক ।

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত আক্ৰমণ কৰাৰ পাছৰে পৰাই পলাই ফুৰিছিল কংগ্ৰেছৰ পৰা নিলম্বিত নেতা ইমদাদুল ইছলাম।

যোৱা নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডুমডুমীয়া কাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক(Pradyut Bordoloi)।

ইমদাদুলৰ ঘৰ মৰিগাঁও জিলাৰ লাহৰিঘাটৰ ভূৰাগাওঁত ।

ইমদাদুলক গ্ৰেপ্তাৰ কৰাৰ আগতেই বটদ্ৰৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমদাদুল ইছলামৰ আন এক সহযোগী আজিজুল হ’ক ওৰফে বৰলক ।

বৰ্তমান দুয়োকে মাৰাথন জেৰা অব্যাহত ৰাখিছে বটদ্ৰৱা আৰক্ষীয়ে।

লগতে পঢ়ক : WATCH | Jagiroad News : বাল্য বিৱাহ কৰোৱাৰ অভিযোগ উখাপিত হৈছে এগৰাকী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে