WATCH | Pradyut Bordoloi : বদৰুদ্দিন আজমলে বিজেপিক ক্ষমতাশীল কৰিবলৈ AIUDF ৰ প্ৰাৰ্থী দিয়ে কংগ্ৰেছৰ বিৰুদ্ধে’
নগাঁও,২৯এপ্ৰিল : নগাঁও ৰাজীৱ ভৱনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল ।
নগাঁৱৰ ধিঙত দেওবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈক কৰা আক্ৰমণ সন্দৰ্ভত সংবাদমেল আয়োজন । এগৰাকী পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ । সংবাদমেল সাংসদগৰাকীয়ে কয় চামগুৰি উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলক আৰু মোক কৰা আক্ৰমণ একেই পেটাৰ্ণ । সংখ্যালঘু অঞ্চলত একাংশ অপৰাধী আছে। বিজেপি দলে একাংশ অপৰাধীক ৰক্ষণা বেক্ষন দিয়াৰ অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । নগাঁও আৰক্ষীৰ তৎপৰতাত মোক আক্ৰমণ কৰা মূল মাষ্টাৰ মাইণ্ডক চিনাক্ত কৰা বুলি আহুকণে পহুকানে শুনিছোঁ(Pradyut Bordoloi)।
ইফালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগক প্ৰসংগক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ উত্থাপন কৰি অহা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক এইবাৰ উভতি ধৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । গৌৰৱ গগৈক কংগ্ৰেছৰ এগৰাকী গতিশীল নেতা আখ্যা দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে কংগ্ৰেছৰ সাংসদগৰাকীয়ে ।
গৌৰৱ গগৈৰ ভাবমূৰ্তি ম্লান পেলাবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভিত্তিহীন অভিযোগ উত্থাপন কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।
গৌৰৱ গগৈক এগৰাকী দেশপ্ৰেমিক বুলি অভিহিত কৰি এই প্ৰসংগত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত ভিত্তিহীন অভিযোগ উত্থাপন কৰি কংগ্ৰেছ নেতা তথা কংগ্ৰেছ দলৰ ভাবমূৰ্তি ম্লান পেলোৱাৰ চেষ্টা কৰি আহিছে । মুখ্যমন্ত্ৰীৰ হাতত সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ উপযুক্ত তথ্য থাকিলে ৰাজহুৱা কৰিবলৈ মাহৰ পাছত মাহ সময়ৰ কিয় প্ৰয়োজন । সেয়ে মই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যহ্বান জনাইছোঁ গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ তথ্য থাকিলে ৰাজহুৱা কৰক । গৌৰৱ গগৈ কোনো কাৰণত পাকিস্তানী এজেণ্ট হ’ব নোৱাৰে ।”
লগতে সাংসদগৰাকীয়ে কয়’বদৰুদ্দিন আজমলে বিজেপিক ক্ষমতাশীল কৰিবলৈ AIUDF ৰ প্ৰাৰ্থী দিয়ে কংগ্ৰেছৰ বিৰুদ্ধে’।’সংখ্যলঘু এলেকাত ৰাজনৈতিক অস্থিৰতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বিজেপিয়ে চেষ্টা কৰি আছে।’
লগতে পঢ়ক : WATCH | Chapar News : পেহেলগাম ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি চাপৰত গ্ৰেপ্তাৰ এজন যুৱক