Local, Vocal, Global

সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ ২০২২ৰ বাবে নিৰ্বাচিত হৈছে প্ৰদ্যুম্ন কুমাৰ গগৈ

নিউজ ডেস্ক, ২৪ আগষ্ট : বুধবাৰে সাহিত্য অকাডেমীয়ে ঘোষণা কৰে যে লেখক প্ৰদুন্য কুমাৰ গগৈক (Pradyumna Kumar Gogoi ) সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ ২০২২ প্ৰদান কৰা হ’ব।

‘চকী আৰু অন্যান্য গল্প’ নামৰ কিতাপখনত তেওঁৰ সাহিত্যকৰ্মৰ বাবে এই বঁটা লাভ কৰিব।

ইয়াৰ পূৰ্বে, তেওঁক মুনিন বৰকটকীক সাহিত্য বঁটা ২০২১ প্ৰদান কৰা হৈছিল।

ইয়াৰ উপৰিও, Alangbar Muchahary ক ‘গেং ফুজানাই মাছে দাউ’ (চুটি গল্প) নামৰ কিতাপখনত বড়ো ভাষাত সাহিত্যকৰ্মৰ বাবে যুৱ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

ইফালে, দিগন্ত ওজাক তেওঁৰ কাম ‘ডাঙৰ মানুহৰ সাধু’ৰ বাবে বাল সাহিত্য পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ’ব।

উল্লেখ কৰিব পাৰি যে, সাহিত্যৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে সমগ্ৰ ভাৰতৰ স্বীকৃত যুৱক-যুৱতীসকলক প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে সাহিত্য অকাডেমি যুৱ বঁটা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে, অসমৰ অভিজিত বৰাক অসম সাহিত্যৰ বাবে সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা প্ৰদান কৰা হৈছিল।