WATCH | Pradhan Mantri Awas Yojana : PMAY ৰ গৃহৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত হোৱাৰ অভিযোগ

ছিপাঝাৰ,২৬মে’ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে আঁচনিৰ ধন জালিয়াতিৰে হৰলুকি কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপিত হৈছে (Pradhan Mantri Awas Yojana) ৷
ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ বিটিআৰৰ অন্তৰ্গত বাক্সা জিলাত এই আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (PMAY scam in Sipajar) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ ।
ছিপাঝাৰৰ চেঙেলীয়াঝাৰত পি এম এৰ গৃহ লাভৰ আশাত দৰিদ্ৰ পৰিয়ালৰ হুমুনিয়াহ।
চৰকাৰে দুখীয়া দৰিদ্ৰ পৰিয়াললৈ PMAY ৰ গৃহ আৱন্টন দি আহিছে যদিও চৰকাৰৰ জনকল্যাণমূলক আঁচনিখনৰ পৰা আজিও একাংশ দুখীয়া দৰিদ্ৰ পৰিয়ালে ঘৰ ঘৰ বুলি আশৰে বাট চাই দিন -মাহ, বছৰৰ পিছত বছৰ ধৰি পাৰ কৰিবলগীয়া হোৱাৰ পিছতো গৃহ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।
ছিপাঝাৰৰ চেঙেলীয়াঝাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নাওপোটা গাঁৱৰ জমিলা বেগমৰ পৰিয়ালটোৱে যি ঘৰত বসবাস কৰি আছে দেখিলে চকু কঁপালত উঠিব আপোনাৰ।এটা জৰাজীৰ্ণ ঘৰত বাস কৰি আহিছে পৰিয়ালটো। বৰষুণ বতাহ দিলে ঘৰৰ পৰা ওলাই থাকিব লাগে বাহিৰৰ সুৰক্ষিত ঠাইত।ঘৰটোৰ বেৰবোৰ ভাগি ছিগি যাব ধৰিছে। ঘৰটোত মানুহৰ লগতে পোহনীয়া হাঁহ কুকুৰা,ছাগলীও থাকে।
যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো PMAY ৰ গৃহৰ পৰা বঞ্চিত জমিলা বেগম।
লগতে পঢ়ক : WATCH | Lumding News : গোৱালপাৰা পৰা নিখোজ বাহন উদ্ধাৰ লামডিঙত