Local, Vocal, Global

Pradhan Mantri Awas Yojana :PMAY গৃহ আৰু ৰেচন কাৰ্ডক লৈ বিলাসীপাৰাত ভয়ংকৰ দুৰ্নীতি

বিলাসীপাৰা,২৪ডিচেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Pradhan Mantri Awas Yojana) ৷

ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷এইবাৰ বিলাসীপাৰাত PMAY আঁচনিৰ নামত কেলেংকাৰী ।

PMAY গৃহ আৰু ৰেচন কাৰ্ড লৈ বিলাসীপাৰাত ভয়ংকৰ দুৰ্নীতি।প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু ৰেচন কাৰ্ড দিয়াৰ নামত দুখীয়া দৰিদ্ৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ। PMAY আঁচনিৰ চৰকাৰী নীতি নিময়ক জলাঞ্জলি দি প্ৰতিটো ঘৰৰ বাবদ দুই হেজাৰৰ পৰা ২০ হাজাৰকৈ টকা লোৱাৰ অভিযোগক কাজাইকাটা গাওঁ পঞ্চায়তৰ সদস্য নৌচাদ আলীৰ বিৰুদ্ধে।

অভিযোগক মতে PMAY আচঁনি আৰু ৰেচন কাৰ্ড দিয়াৰ নামত দুখীয়া দৰিদ্ৰ ব্যক্তি সকলকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে দৰিদ্ৰ পৰিয়ালৰ পৰা টকা লয় পঞ্চায়তৰ সদস্য নৌচাদ আলীয়ে। নাম অন্তৰ্ভুক্ত কৰিম বুলি কয় নৌচাদ আলীয়ে টকা লৈছেল দৰিদ্ৰ পৰিয়ালৰ পৰা।

লগতে পঢ়ক :Sensational incident: প্ৰেমিকাই কাটিলে প্ৰেমিকৰ গুপ্তাংগ