Local, Vocal, Global

Pradhan Mantri Awas Yojana : মানকাচৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ জাল

হাটশিঙিমাৰী,৪আগষ্ট : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ (Pradhan Mantri Awas Yojana) ৷

ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ মানকাচৰত PMAYৰ আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী (PMAY scam in Mankachar) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সকলো দৰিদ্ৰ হিতাধিকাৰীকে গৃহ দিয়াৰ কথা কৈ আহিছে, তেনে সময়তে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ বাসগৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম!

মানকাচৰত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত বৃহৎ জাল। বিভাগীয় নিৰ্দেশনা নথকাৰ পিছতো একাংশই আবেদন পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাক লৈ মানকাচৰৰ খণ্ড উন্নয়ন বিষয়াই উপস্থিত হৈ বন্ধ কৰি দিয়ে।চৰকাৰী কোনো নিৰ্দেশনা নথকাৰ পিছতো একাংশই নিজৰ ইচ্ছা মতে আবেদন পত্ৰ লিখি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আকৌ আবেদন পত্ৰ নিজৰ হাতত ৰাখি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰধানৰ আশ্বাস দিয়ে।

ইয়াক লৈ মানকাচৰত সৃষ্টি হয় এক হুলস্থুল পৰিবেশৰ। ঘটনাস্থলীত মানকাচৰ খণ্ড উন্নয়ন বিষয়া কৌস্তৱ দাস উপস্থিত হৈ বন্ধ কৰি দিয়ে আবেদন পত্ৰ লিখা।

লগতে পঢ়ক : Collision Between Double Decker Bus And Car in Agra Lucknow Expressway : আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা;নিহত ৭জন,আহত ৪৬জন