শক্তিশালী ভূমিকম্পৰ ফলত জাপানত নিহত দুজন, ৯০জনৰো অধিক লোক আহত

নিউজ ডেস্ক, ১৭ মাৰ্চ : বুধবাৰে নিশা পূব জাপানৰ এক বৃহৎ অংশ কঁপি উঠা ভূমিকম্পত কমেও দুজন লোক নিহত হোৱাৰ উপৰিও ৯০ জনৰো অধিক লোক আহত হয় । প্ৰায় ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পূৱ জাপানত বিস্তৰভাৱে ক্ষতি সাধন হৈছে ।

বাতৰি অনুসৰি, কিছুমান অঞ্চলত স্বাভাৱিকতকৈ ৩০ চেমি অধিক পানীৰ স্তৰত উদ্ভাৱন হোৱাৰ পিছত আজি পুৱতি নিশা উত্তৰ-পূব জাপানৰ কিছু অংশত এক মিটাৰ পৰ্যন্ত ঢৌৰ বাবে চুনামিৰ সতৰ্কবাণী প্ৰকাশ কৰিছে জাপান বতৰ বিজ্ঞান কেন্দ্ৰই ।
উল্লেখ কৰিব পাৰি যে বুধবাৰে নিশা পূব জাপানত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই ৰাজধানী টকিঅ’ক জোকাৰি গৈছিল। ইয়াৰ মাজতে, জাপানৰ উত্তৰ-পূব উপকূলৰ অঞ্চলসমূহৰ বাবে জাপানৰ বতৰ বিজ্ঞান সংস্থাই চুনামি সতৰ্কবাণী জাৰি কৰিছে।