Local, Vocal, Global

Potters in Jamugurihat busy making Durga idol :শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ

জামুগুৰিহাট,২৮ছেপ্তেম্বৰ : সমাগত শাৰদীয় দুৰ্গোৎসৱ । শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন ।শাৰদীয় দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎশিল্পীসকলৰ।

জামুগুৰিহাটতো দুৰ্গোৎসৱক লৈ মৃৎশিল্পীসকলৰ ব্যস্ততা। দিন-ৰাতি পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত জামুগুৰিহাটৰ মৃৎশিল্পীসকল(Potters in Jamugurihat busy making Durga idol)।

জামুগুৰিহাটৰ শ্ৰীকৃষ্ণ শিল্পালয়ৰ মৃৎশিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ’ব চুবুৰীয়া ৰাজ্য আৰুণাচল প্ৰদেশলৈ।

জামুগুৰিহাটৰ দহখনৰো অধিক মৃৎশিল্পালয়ত এতিয়া প্ৰতিমা নিৰ্মাণত দিনে নিশাই ব্যস্ত আছে শিল্পীসকল। প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰ সকলৰো আশা- শাৰদীয় দুৰ্গোসৱে সকলোৰে মুখলৈ শান্তি -সমৃদ্ধি কঢ়িয়াই আনিব।

লগতে পঢ়ক :Sexual Harassment of Women in Dibrugarh : বেজালিৰ ছলেৰে যৌন নিৰ্যাতন চেষ্টা ভণ্ড তান্ত্ৰিকৰ