অসমত LPG চিলিণ্ডাৰৰ নাটনিৰ সম্ভাৱনা
নিউজ ডেস্ক, ২৪ জুলাই : অসমত অনাগত দিনত নাটনি হ’ব পাৰে তৰলীকৃত পেট্ৰ’লিয়াম গেছ (LPG) চিলিণ্ডাৰৰ ।কিয়নো সোমবাৰৰ পৰা ৰাজ্যজুৰি অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব LPG পৰিবহন ।
উত্তৰ-পূব পেকড এলপিজি পৰিবহনকাৰী সংস্থাই ( Northeast Packed LPG Transporter Association , NEPLTA) আজিৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ আহ্বান জনোৱাৰ পিছতে অসমত অনাগত দিনত LPG চিলিণ্ডাৰৰ নাটনিৰ সম্ভাৱনাই দেখা দিছে।
স্থানীয় পৰিবহনকাৰীসকলৰ দাবী পূৰণ নকৰাৰ বাবে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড (IOCL) কৰ্তৃপক্ষৰ বিৰুদ্ধে NEPLTA-য়ে আহ্বান জনাইছে
স্থানীয় পৰিবহনকাৰীসকলৰ দাবী পূৰণ নকৰাৰ বাবে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড (IOCL) কৰ্তৃপক্ষৰ বিৰুদ্ধে NEPLTA-য়ে আহ্বান জনাইছে এই ধৰ্মগতৰ।
সাতটা কাৰখানাৰ এলপিজি পৰিবহনকাৰী আজিৰ পৰা বন্ধ কৰা হ’ব।
আনহাতে এই ধৰ্মঘটৰ সমৰ্থনত উত্তৰ গুৱাহাটী বটলিং প্ৰকল্প, তিনিচুকীয়া গোপানাৰী প্ৰকল্প, চাৰপাৰা বটলিং প্ৰকল্প, বঙাইগাঁও, ডিমাপুৰ, শ্লিচাৰ আৰু দুলিয়াজান বটলিং প্ৰকল্পকে ধৰি LPG প্ৰকল্পসমূহ বন্ধ কৰি দিয়া হ’ব।