Local, Vocal, Global

Portal to reopen on Nov 25, 26 for filling in HSLC exam forms: ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এক বিশেষ জাননী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

নিউজ ডেস্ক,২৪নৱেম্বৰ : এক বিশেষ জাননী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ। ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিশেষ জাননী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প’ৰ্টেল পুনৰ মুকলি কৰি দিব পৰিষদে । ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত পুনৰ পৰ্টেলটো মুকলি কৰিব দিয়া হ’ব বুলি জাননী জাৰি কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে(Portal to reopen on Nov 25, 26 for filling in HSLC exam forms)।

শুকুৰবাৰে প্ৰকাশ কৰা জাননী অনুসৰি, ২৫ নৱেম্বৰত মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প’ৰ্টেল পুনৰ মুকলি কৰা হ’ব । প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক নির্দেশ দিছে । যদি পূৰ্বে পূৰণ কৰা প্ৰ-পত্ৰত কোনো আঁসোৱাহ ৰৈ গৈছে তেনেহ’লে সেইসমূহ আঁতৰ কৰিব পাৰিব।

একেদৰে মাচুল আদায়ৰ অন্তিম তাৰিখ নির্ধাৰণ কৰা হৈছে ২৭ নৱেম্বৰ । নির্দেশনাত পৰিষদে স্পষ্ট কৰি দিছে যে প্ৰ-পত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত বৃদ্ধি কৰা নহয় । লগতে অফ লাইনত কোনোধৰণৰ প্ৰ-পত্র গ্রহণ কৰা নহ’ব বুলিও পৰিষদে নির্দেশনাত উল্লেখ কৰিছে ।

উল্লেখ্য যে,২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে sebaregistration.org শীর্ষক প’ৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল যদিও পুণৰ ২৫ নৱেম্বৰত প্ৰ-পত্ৰ পূৰণৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ’ব।

লগতে পঢ়ক: Birth Anniversary of Lachit Borphukan: মঙলদৈত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় লাচিত দিৱস;বীৰ লাচিত সেনা অসমে আয়োজন কৰে লাচিত দিৱস