Local, Vocal, Global

Airport in Andaman collapses ceiling : প্ৰধানমন্ত্ৰীৰ উদ্বোধনৰ পাঁচদিনতে ভাঙি পৰিল প’ৰ্ট ব্লেয়াৰ বিমানবন্দৰ ভৱনৰ চাদ, মোডীক সমালোচনা কংগ্ৰেছ নেতাৰ

নেশ্যনেল ডেস্ক, ২৪ জুলাই : উদ্বোধনৰ পাঁচ দিনতে ভাঙি পৰিল আন্দামানত বীৰ সাৱৰকাৰ বিমানবন্দৰ টাৰ্মিনেল ভৱনৰ এটা অংশ (Airport in Andaman collapses ceiling)। ১৮ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প’ৰ্ট ব্লেয়াৰৰ বাবে এটা আন্তৰ্জাতিক বিমানবন্দৰ উদ্বোধন কৰিছিল । এই বিমানবন্দৰ মুকলি হোৱাৰ এসপ্তাহো হোৱা নাই । তাৰ মাজতে ভাঙি পৰিল বিমানবন্দৰৰ ছাদ । ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভাঙি পৰা ছাদৰ ভিডিঅ’। ইয়াৰ পাছতে আৰম্ভ হয় প্ৰতিক্ৰিয়াৰ(Port Blair airport building’s ceiling collapses)।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছে । লগতে প’ৰ্ট ব্লেয়াৰৰ বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰৰ ভঙা ছাদৰ ভিডিঅ’ আৰু ছবি টুইট কৰি মোডীক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Andaman Airport’s portion collapse)।

টুইটত জয়ৰাম ৰমেশে লিখিছে, ‘আজিকালি প্ৰধানমন্ত্ৰীয়ে যিকোনো বস্তু উদ্বোধন কৰি দিব । ইয়াৰ কাম সম্পূৰ্ণ হওক বা নহওক, সেই আন্তঃগাঁথনি (ঘাইপথ, বিমানবন্দৰ, দলং)ৰ মানদণ্ড পৰ্যাপ্ত হওক বা নহওক, সেয়া তেওঁৰ বাবে কোনো কথা নহয় । আৰু নিজৰ দাম বৃদ্ধি কৰিবলৈ আগ্ৰহী মন্ত্ৰীসকলেও আনন্দৰে মোডীৰ কথা মানি চলে। সাধাৰণ কৰদাতাৰ ধনেৰে তৈয়াৰ কৰা হয় । সাধাৰণ মানুহে তাৰ মূল্য আদায় দিয়ে । নতুন ভাৰতৰ এইয়া কি দুৰ্দশা।’

উল্লেখ্য যে যোৱা সপ্তাহত বীৰ সাৱৰকাৰ আন্তৰ্জাতিক বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিছিল । যোৱা মঙলবাৰে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় গড়কাপ্তানি, পৰিবহণ আৰু ঘাইপথ তথা অসামৰিক বিমান পৰিবহণ ৰাজ্যমন্ত্ৰী জেনেৰেল ভি কে সিংও উপস্থিত থাকে ।

বিমানবন্দৰ চৌহদত উন্মোচন কৰা হয় ভিডি সাৱৰকাৰৰ প্ৰতিমূৰ্তি । এই নতুন টাৰ্মিনেলত বছৰি ৪০ লাখ যাত্ৰী অহাযোৱা কৰে । ইফালে টাৰ্মিনেলৰ ছাদ আৰু বেৰ এনেদৰে ডিজাইন কৰা হৈছে যে দিনটোৰ ১২ ঘণ্টা প্ৰাকৃতিক পোহৰে পোহৰাই থাকে । নতুন টাৰ্মিনেলটোত ‘পিক টাইম’ত এটা সময়ত ১২০০ যাত্ৰী সমাৱেশৰ ক্ষমতা আছে ।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই আনুমানিক ৭০৭.৮৩ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো ৰূপায়ণ কৰিছিল । কিন্তু উদ্বোধনৰ এসপ্তাহৰ ভিতৰতে নতুন টাৰ্মিনেলটোক লৈ বিতৰ্কৰ সৃষ্টি হয় । উদ্বোধনৰ এসপ্তাহৰ ভিতৰতে টাৰ্মিনেলৰ সন্মুখৰ ছাদখন ভাঙি পৰে ।

ইয়াকে লৈ বিৰোধীয়ে কেন্দ্ৰক আক্ৰমণ কৰাৰ সুযোগ লৈছে । তেওঁলোকৰ অভিযোগ যে নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে উদ্বোধনী অনুষ্ঠানৰ তৎপৰতা বৃদ্ধি পাইছে । প্ৰকল্পৰ কাম শেষ কৰিবলৈ উঠিপৰি লাগিছে । মানুহৰ মন জয় কৰিবলৈ অসম্পূৰ্ণ অৱস্থাতে বহু কামৰ উদ্বোধন কৰা হৈছে । এনেদৰে সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ ।

লগতে পঢ়ক : Cop shoots wife then died by suicide : পত্নী আৰু ভতিজাকক গুলীয়াই হত্যা আৰক্ষী বিষয়াৰ , নিজেও কৰিলে আত্মহত্যা