জনপ্ৰিয় অভিনেতা Kishore Dasৰ দেহাৱসান

নিউজ ডেস্ক, ২ জুন : অসমৰ ছবি জগতৰ বাবে এক বৃহৎ ক্ষতি। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসান।
কৰ্কট ৰোগৰ পাছত পৰৱৰ্তী সময়ত কভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে শনিবাৰে চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিলে তৰুণ অভিনেতাজনে।
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু কিছু দিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ গৈছিল কিশোৰ।
কিশোৰৰ উন্নত চিকিৎসাৰ বাবে অনুৰাগী আৰু শিল্পীসকলে পাৰ্যমানে চেষ্টা কৰিছিল আৰু আৰোগ্য কামনাৰে তেওঁৰ সতীৰ্থ তথা অনুৰাগীসকলে প্ৰাৰ্থনা জনাই আহিছিল।
অনুৰাগী আৰু একাংশ শিল্পীৰ আৰ্থিক সাহায্যৰে কিশোৰ গৈছিল চেন্নাইলৈ।
কিশোৰৰ অভিনীত ‘দাদা তুমি দুষ্ট বৰ’ নামৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত।