Bamboo bridge at Mangaldoi : এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰৰ উন্নয়নৰ নমুনা
মঙ্গলদৈ, ১০অক্টোবৰ : উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ।
বিজেপি নেতৃত্বাধীন ৰাজ্যত প্ৰকৃততে কিমান উন্নয়ন হৈছে ?
যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী । কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?
মঙ্গলদৈ এখন দলঙে উদঙাইছে শাসনাধিষ্ঠ চৰকাৰ খনৰ উন্নয়নৰ নমুনা(poor transportation system at Mangaldoi)।
মঙ্গলদৈ এখন বাঁহৰ দলং । বছৰ বছৰ ধৰি এই বাঁহৰ জৰাজীৰ্ণ দলঙেৰে যাতায়ত কৰিছে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু মঙ্গলদৈবাসী । নিতৌ ১৫খনকৈ গাঁবৰ ৰাইজে অহা যোৱা কৰে এই জৰাজীৰ্ণ বাঁহৰ দলঙখনৰে ।
এখন পকী দলং নোহোৱাৰ বাবে বছৰ বছৰ ধৰি যাতায়ত ক্ষেত্ৰত জীয়াতু ভুগি আহিছে ১৫খনকৈ গাঁওৰ ৰাইজে । উল্লেখ্য যে গাঁওৰ ৰাইজে নিজৰ আৰ্থিক দান বৰঙণিৰে নিৰ্মণ কৰিছে দলঙখন । স্থানীয় ৰাইজে এই দলঙখন নিজে মেৰামৰি কৰি লয় যদিও পিছত আকৌ ভাঙি যায়(Bamboo bridge at Mangaldoi) ।
বছৰ বছৰ ধৰি যাতাযতৰ ক্ষেত্ৰৰ যামৰ যাতনা ভুগি আহিছে অঞ্চলটোৱে । কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ । স্থানীয় ৰাইজৰ বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান দলঙখন পকী কৰন নহ’লেও কাঠৰ নিৰ্মাণ কৰি দিয়ে যেন ।
পিছে, ৰাইজৰ এই অনুৰোধ শুনিবনে জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই ?
লগতে পঢ়ক :Rajasthan Assembly polls 2023 : ৰাজস্থানত বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ