Local, Vocal, Global

Pathetic road condition : জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে পুণ্যজানবাসীক

তিনিচুকীয়া, ২৪জুলাই : ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে তিনিচুকীয়াৰ জিলাৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Tinsukia) ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।

তিনিচুকীয়াৰ জিলাৰ এখন দুৰ্গম গাওঁ ।গাঁৱখনত নাই এম্বুলেঞ্চ সেৱা । এটা জৰাজীৰ্ণ,বিপদসংকুল ৰাস্তাৰে যাত্ৰা কৰে অঞ্চলবাসী । প্ৰায় ৭ৰ পৰা ৮খন গাঁৱৰ লোকসকলে এই পথৰে অহা যোৱা কৰে । এই জৰাজীৰ্ণ পথৰ বাবে যিকোনো মুহূৰ্তত সংঘটিত হব পাৰে ভয়াৱহ দুৰ্ঘটনা (Pathetic road condition)।

তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল’বাৰী অঞ্চলৰ গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডৰ ভিতৰুৱা পুণ্যজান গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰা ভোগ কৰি আহিছে বিভিন্ন সমস্যাৰ । দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ পাছতো গাঁৱখনত নাই যাতায়ত যোগাযোগৰ সু-ব্যৱস্থা । লগতে বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে এই পুণ্যজান গাওঁবাসী । কিন্তু তেওঁলোকে প্ৰথম তথা প্ৰধান সমস্যা হিচাপে গাওঁখনলৈ সোমাই যোৱা জৰাজীৰ্ণ ৰূপত থকা মুল পথটোক বিবেচনা কৰিছে ।

জানিব পৰা মতে, নিৰ্বাচিত জনপ্ৰতিনিধি, সাংসদ-বিধায়কক বহুবাৰ আবেদন নিবেদন কৰিলে গাওঁবাসীয়ে।কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সাংসদ থকা বিধায়ক সকলে ।এতিয়ালৈ গাওঁবাসীৰ সমস্যা সমাধান নহল । পুণ্যজান গাঁৱলৈ সোমাই যোৱা মূল পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে গাওঁবাসীয়ে ভোগ কৰি আহিছে নৰক যন্ত্ৰণা ।

পথৰ দুৰৱস্থাৰ বাবে গাঁৱখনলৈ আহিব নোৱাৰে এখন এম্বুলেঞ্চ । যাৰ বাবে ৰোগীক সাঙি কৰি নিব লাগে চিকিত্সালয়লৈ । এই পথত থকা কালভাৰ্ট এটা ভাঙি গৈছে, যাৰ বাবে বিপদসংকুল যাত্ৰা কৰিছে ৰাইজে, যিকোনো মুহূৰ্ততেই সংঘটিত হব পাৰে ভয়াৱহ দুৰ্ঘটনা ।

অন্যহাতে, বৃহতৰ ফিল’বাৰী আমগুৰি, বিজুলীবনৰ ৭/৮ খন গাঁৱৰ লোকসকলৰ বাবে এইখন গাঁৱতেই আছে একমাত্ৰ ৰাজহুৱা মৰিশালী । সতকাৰৰ বাবে অনা মৃতদেহ জৰাজীৰ্ণ পথৰ বাবে পথৰ ওপৰতেই পৰি যায় । এখন গাড়ী যাবলৈ নোৱাৰে গাঁও খনলৈ । গাওঁবাসীয়ে কিমান কষ্ট-যন্ত্ৰণা ভোগ কৰিছে সেই কথা গাওঁবাসীয়ে হে জানিছে । চৰকাৰক কাতৰ আহ্বান গাঁওবাসীয়ে যাতে যাতায়তৰ বাবে ৰাস্তটোৰ ব্যৱস্থা কৰি দিয়ে

লগতে পঢ়ক : Man Elephant conflict : জামুগুৰিহাটত বন্যহস্তীৰ তাণ্ডৱ, বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ