Local, Vocal, Global

Poor Road Condition : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে জোনাইৰ ৰাইজক

নিউজ ডেস্ক, ২৮ এপ্ৰিল : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জোনাইত একাংশ ৰাইজৰ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে জোনাইৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷

ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে জোনাইৰ সহস্ৰাধিক ৰাইজক (Poor Road Condition in Jonai) ৷

সবকা সাথ, সবকা বিকাশ শ্ল’গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিছে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । পিছে চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল জোনাইৰ কেইবাখনো গ্ৰামাঞ্চলত । একবিংশ শতিকাতো বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে জোনাইৰ এটা অঞ্চলৰ ৰাইজে ।

জোনাইত ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱৰ এটা ব্যস্ত পথৰ অৱস্থা দেখিলে চকু কঁপালত উঠিব আপোনাৰো । জোনাই সদৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ দুৰৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী গাঁওখনৰ এই ব্যস্ত পথচোৱাৰ কদৰ্যময় পৰিৱেশে বছৰ বছৰ ধৰি জীয়াতু ভুগাইছে গাঁওখনৰ সহস্ৰাধিক ৰাইজক । বাৰিষাৰ সময়ৰ কথাটো বাদেই খৰালি কালতো বোকা-পানী গচকিয়েই যাতায়ত অব্যাহত ৰাখিছে ৰাইজে ।

অৱশ্যে নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকলে গাঁওখনৰ ৰাইজৰ আগত বিভিন্ন উন্নয়ণৰ কথাৰে ভোট ভিক্ষা কৰি ৰাইজক প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাচত পাহৰি যায় নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ । ইফালে গাঁৱখনৰ ৰাইজে স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো আবেদন নিবেদন কৰি অহাৰ পিছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে।

এই সমষ্টিটোৰ পৰা জয়ী হৈ বহু বিধায়ক আহিল আৰু গ’ল । কিন্তু আজিলৈকে অঞ্চলত নহ’ল কোনো ধৰণৰ উন্নয়ন ।

উপায়ন্তৰ হৈ গাঁওখনৰ পুৰুষ-মহিলা সকলো ওলায় আহি আমাক পথ লাগিবই, বোকা পানী গচকি আমি জীয়াই থাকিব নোৱাৰো,অনাগত নিৰ্বাচনত ভোট আমি বৰ্জন কৰিম আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : girl found dead in room after returning from bihu program : বিহু চাই আহি ঘৰৰ ভিতৰত চিপ লৈ আত্মহনন যুৱতীৰ