Poor Road condition in Golaghat : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে গোলাঘাট জিলাৰ মেৰাপানীৰ সহস্ৰাধিক ৰাইজক
গোলাঘাট,১৩জুলাই : ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে গোলাঘাট জিলাৰ মেৰাপানীৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Golaghat) ৷ এটা বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিক বাৰম্বাৰ বিধ্বস্ত পথটো মেৰামতি কৰিবৰ বাবে দাবী জনাই অহাৰ পাছতো আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।
চৰকাৰ আহিল আৰু চৰকাৰ গল কিন্তু বৰ্তমানেও নিৰ্মাণ নহল গোলাঘাট জিলাৰ মেৰাপানীৰ ৩ নং তৰাণি মিকিৰপট্টি কলাজান পি.এম.জি.এচ. ৱাই পথৰ পৰা নপাম সংযোগী পথটো। অলপ বৰষুণ হ’লেই পথটো অচল হৈ পৰে ৷ যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে ভূগিব লগা হৈছে যমৰ-যাতনা।
উল্লেখ্য যে নপামৰ এই পথটোৰেই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসালয়লৈ দৈনিক অহা যোৱা কৰে শ শ লোক৷ জৰাজীৰ্ণ পথৰ বাবে চিকিৎসালয়লৈ অহা-যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰোগীসকল। সন্ধিয়া হোৱাৰ লগে লগেই বাহন চলাচলৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হবলগীয়া হয় চালকসকল।
এনে এক গুৰুত্বপূৰ্ণ পথৰ জৰাজীৰ্ণ অৱস্থাই উদঙাই দিছে ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ। গাঁওখনৰ ৰাইজে বছৰ বছৰ ধৰি মেৰামতিৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ।