Local, Vocal, Global

WATCH | Poor Road Condition : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ঢেকীয়াজুলি সমষ্টিৰ দুখন গাঁৱৰ সহস্ৰাধিক ৰাইজক

জামুগুৰিহাট,১মাৰ্চ : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত বৰবিল আৰু দপদপী গাঁৱৰ ৰাইজ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে ঢেকীয়াজুলিৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(Poor Road Condition ) ৷

ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ঢেকীয়াজুলি সমষ্টিৰ দুখন গাঁৱৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Jamugurihat)৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।

ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰখনলৈ বাট চাই থকা ৰাইজে অৱশেষত উপায়হীন হৈ নিজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে গ্ৰামাঞ্চলৰ এটা বিধ্বস্ত পথ।ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত বৰবিল আৰু দপদপী গাঁও দুখনৰ সৈতে ৰঙাপৰা নগৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটিয়েদি বিগত দিন সমূহত বৃহত্তৰ অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত যমৰ যন্ত্ৰণা ভূগি আহিছে।

সেয়েহে বাৰিষা অহাৰ পূৰ্বে পথৰ ওপৰত টেক্টৰেৰে মাটি পেলাই যাতায়তৰ উপযোগী কৰি লবলৈ এনেদৰেই হাতে হাতে কোৰ লৈ ওলাই আহিল পুৰুষ আৰু মহিলাসকল। ৰঙাপৰা নগৰৰ পৰা বৰবিল আৰু দপদপী গাঁও সংযোগী পথচোৱা নিৰ্মাণ কৰিবলৈ চৰকাৰক ৰাইজে দাবী জনাইছিল যদিও সফল নহল। বাৰিষাৰ কালচোৱাত অতি বিধ্বস্ত হৈ পৰা পথটিত এজাক বৰষুণতে কঠিয়া ৰুব পৰা পৰিস্থিতিৰ সৃষ্টি হয়। যাৰ ফলত উপায়ন্তৰ হৈ ৰাইজে গাঁঠিৰ ধন ভাঙি ওলাই আহিল পথটি মেৰামতি কৰিবলৈ। সম্প্ৰতি অঞ্চলটোৰ ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালৰ লগতে বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে পথটি নিৰ্মণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক :WATCH | Parbatijhora News: পৰ্বতঝোৰাত এদল বনদস্যুৰ দপদপনি