Local, Vocal, Global

Poor Road Condition : এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ধিঙৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক

ধিং,১০অক্টোবৰ : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত মাৰ্ঘেৰিটা সমষ্টিৰ একাংশ ৰাইজ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে মাৰ্ঘেৰিটাৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(Poor Road Condition ) ৷

ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে ধিঙৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Dhing) ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।

নগাঁও জিলা ধিং পৌৰ সভাৰ অন্তৰ্গত চাৰি নং ৱাৰ্ডৰ ভেটা পুখুৰীপাৰৰ ৰাইজ পৌৰ সভাৰ গাফিলতিৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে । বিগত ২৭ বছৰৰ পৰা নিৰ্মণ নহল ৰাস্ত ।

এটা জৰাজীৰ্ণ,বিপদসংকুল ৰাস্তাৰে যাত্ৰা কৰে অঞ্চলবাসী । স্কুলৰ ছাত্ৰ- ছাত্ৰী অহা যোৱা কৰে জৰাজীৰ্ণ,বিপদসংকুল ৰাস্তাৰে। আনকি স্কুললৈ অহা যোৱা কৰোতে ছাত্ৰ-ছাত্ৰী সকল বোকাত পিছল খাই বোকাৰে লুতুৰি-পুতুৰি হয়। বহুবাৰ ধিং পৌৰ সভাক জনোৱা পিছতো দুই এচপৰা মাটি গাঁতত দি সিমানতে দায়িত্ব সামৰে বুলি ৰাইজে অভিযোগ কৰিছে ।

কিন্তু নিৰ্বাচনৰ সময়ত ৰাস্তাৰ কাম কৰি দিম বুলি প্ৰতিশ্ৰুতি দিয়ে । গাদি দখল কৰাৰ পিছত কোনো কানসাৰ নাইকিয়া হয় । আনহাতে ৰাইজৰ পৰা কৰ ঠিকেই লৈ আছে । গতিকে অতি সোনকালে ৰাস্তা কাম কৰিবলৈ ধিং পৌৰ সভাক ৰাইেজ আহবান স্থানীয় ৰাইজৰ।

লগতে পঢ়ক :Mahasaptami : আজি মহাসপ্তমী; জামুগুৰিহাটত প্ৰতিকুল বতৰকো নেওচি ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ