Poor Road Condition : চৰকাৰ, জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে নিজেই নিৰ্মাণ কৰি উলিয়ালে পথ
ধেমাজি, ১৮মে’ : ৰাইজে নখ জোকাৰিলেই নৈ বৈয় । কথাষাৰ প্ৰমাণ কৰি দেখুৱালে জোনাই লাইমেকুৰী অঞ্চলৰ ৰাইজে ।চৰকাৰ, জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে নিজেই নিৰ্মাণ কৰি উলিয়ালে পথ ।
যি সময়ত চৰকাৰে উন্নয়ণৰ কথা বিভিন্ন ৰাজহুৱা সভা সমিতিত ঠেঁটু পালি চিঞৰি আহিছে তেনে সময়তে জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইমেকুৰী অঞ্চলৰ একাংশ গঞা ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে পথ নিৰ্মাণ কৰি উলিয়াই, চৰকাৰৰ এই উন্নয়ণৰ শ্লোগানক উদঙাই দিছে। অঞ্চলটোৰ প্ৰায় পাঁচখন গাঁৱৰ কণ কণ ছাত্ৰ ছাত্ৰীকে আদি কৰি দৈনিক হাজাৰ হাজাৰ লোকে বছৰ বছৰ ধৰি এক কদৰ্য্যময় পৰিৱেশত অহা যোৱা কৰি আহিছে পাঁচখন গাঁৱ সংযোগী একমাত্ৰ পথচোৱাত(Poor Road Condition )।
কিন্তু স্বাধীনোত্তৰ কালৰে পৰা আজিলৈকে কোনো চৰকাৰী আঁচনিয়েই ঢুকি নাপালে অঞ্চলটোলৈ। যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ অথবা স্থানীয় জনপ্ৰতিনিধিৰ পৰা কোনোধৰণৰ উন্নয়ণৰ আঁচন লৈ অপেক্ষা নকৰি লাইমেকুৰী ৰেলৱে ষ্টেচনৰ পৰা মাধৱপুৰ সংযোগী একমাত্ৰ পথচোৱা পাঁচখন গাঁৱৰ ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি শতাধিক পুৰুষ মহিলাই হাতে হাতে কোৰ বেলচা লৈ পুৱাই ওলায় আহি নিৰ্মাণ কৰি উলিয়ালে পথচোৱা।
আনহাতে বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে এক কদৰ্য্যময় পৰিৱেশত বোকা পানী গচকি বহিজগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিবলগীয়া হৈ আহিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে কেইবাবাৰো স্থানীয় জনপ্ৰতিনিধি অথবা চৰকাৰক আবেদন কৰি অহাৰ পাছতো আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নোপোৱাৰ বৃহৎ অভিযোগ তুলিছে।
ইফালে ৰাইজে ক্ষুভিত হৈ আগত অহা নিৰ্বাচন সমূহত অঞ্চলটোৰ ৰাইজে ভোট বৰ্জনৰো হুংকাৰ দিছে কৰ্মস্থলীৰ পৰাই। এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঘনাই উন্নয়ণৰ শ্লোগান দি অহা চৰকাৰখনে এই সকল গঞা ৰাইজেলৈ চকু মেলি চাব নে? এইয়া হ’ব সময়ত লক্ষ্যনীয়।