Local, Vocal, Global

WATCH | Poor Conditions of Roads: যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী;কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

ধেমাজি,২৬ফেব্ৰুৱাৰী : যাতায়ত ব্যৱস্থা উন্নয়ন মাপকাঠী;কিন্তু কিছুমান অঞ্চল্যৰ যাতায়ত ব্যৱস্থা দেখিলে সহজতে অনুমান কৰিব পাৰি ৰাজ্যত প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে?

মিছামাৰী গাওঁ পঞ্চায়তৰ নগাঁও চাওতাল গাঁৱত আজিও নিৰ্মান নহ’ল পকী পথ।বছৰ বছৰ ধৰি নগাঁও চাওতাল গাঁৱৰ ৰাইজক ঠগি আহিছে চৰকাৰৰ জনপ্ৰতিনিধিয়ে। গাঁও পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে চাৰিখন গাঁৱৰ মূল ৰাস্তা নিৰ্মাণ নহলে ভোট বৰ্জন হুংকাৰ ৰাইজৰ(Poor Conditions of Roads)।

চৰকাৰ সলনি আহিল চৰকাৰ গল সলনি নহ’ল ন-গাঁও চাউতাল গাঁৱৰ বাট পথ ।

১৯৬২ চনৰ পৰা প্ৰায় ৫০০ ৰো অধিক লোকে বসবাস কৰি থকা অঞ্চলটোৰ মূল পথ দলঙ আজিও নিৰ্মাণ কৰিবলৈ সক্ষম নহল কোনো এখন চৰকাৰ ।

১০৮ গাড়ী নোযোৱা ৰোগীক চকীত বা কাপোৰত বান্ধি বাৰিষা বোকা পানীৰে নিব লগা হয় বুলি জানিবলৈ দিয়ে ৰাইজে।

বহু বাৰে গাঁও ৰাইজে সাংসদ ,বিধায়কৰ লগতে বিভাগীয় কতৃপক্ষক অৱগত কৰোৱাৰ পিছত সাংসদ বিধায়ক বিভাগীয় কতৃপক্ষই ৰাইজক আশ্বাস প্ৰদান কৰে যদিও আজিৰ পৰ্যন্ত ৰাস্তা দলঙ নিৰ্মাণ নকৰা অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে ৰাইজে।

লগতে ৰাইজে চৰকাৰ আশাত বহি নাথাকি নিজৰ গাঁঠি ধনেৰে ৬ ফুট উচ্চতা এটা মথাউৰি,৬ ফুট উচ্চ তা এটা ৰাস্তা,৪ খন ত কৈ অধিক বাঁহৰ দলঙ নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থাৰ কৰিছে ৰাইজৰ।

সংবাদ মাধ্যমৰ যোগে চৰকাৰ আৰু বিভাগীয় কতৃপক্ষক গাঁও পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাস্তা দলঙ নিৰ্মাণ কৰিবলৈ দাবী জনাই ৰাইজৰ ।

নতুবা অহা গাঁও পঞ্চায়ত নিৰ্বাচনত ৰাইজে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে।

লগতে পঢ়ক:Road accident: প্ৰয়াগৰাজ-অযোধ্যা ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা