Local, Vocal, Global

Poor conditions of roads:জোনাইত পকী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

জোনাই,৩০জানুৱাৰী : জোনাইত পকী পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাস্তা দিয়ক,ভোট লওক ৷ দলং দিয়ক,ভোট দিম। শ্লোগানেৰে প্ৰতিবাদ ৰাইজৰ।

জোনাই সদৰৰ পৰা মাথোঁ ৫ কিলোমিটাৰ নিলগৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বিজয়পুৰ পৰা উত্তৰ কাৰ্দঙচোক গাঁও সংযোগী গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে ৷ আনফালে ৰাজাখনা নদীত দলং নোহোৱাৰ বাবে ৰাইজে ৭০ দশক ধৰি দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে(Poor conditions of roads)।

এই বাটেদিয়েই ৰায়াং বিজয়পুৰ গাওঁ পঞ্চায়তৰ ৰাঙকপ দেউৰী,নামনি বালি, চিৰামপুৰীয়া ,কাৰ্দচোক , ভেকেলী,বিজয়পুৰ আদি কৰি প্ৰায় দহখনৰো অধিক গাঁৱৰ ৰাইজে প্ৰতিদিনে যাতায়ত কৰে ৷

এই জৰাজীৰ্ণ পথেৰে কণকণ ছাত্ৰছাত্ৰী ,গৰ্ভৱতী মহিলা,সাধাৰণ ৰোগীকে আদি কৰি জোনাই সদৰলৈ যায় । সেয়ে আজি স্থানীয় পুৰুষ-মহিলাসহ গাঁৱৰ ৰাইজে গাঁৱৰ পৰা সমদল কৰি উলাই আহি No Road , no vote , ৰাস্তা দিয়ক ভোট দিম , দলং দিয়ক , ভোট লওক আদি বিভিন্ন শ্লোগান দি ৰাজাখন নদীত সাংসদ প্ৰদান বৰুৱা আৰু স্থানীয় বিধায়ক ভূবন পেগুৰ প্ৰতিকৃতি দাস কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এই ধৰ্ণা কাৰ্যসূচীৰ পিছতো পথ নিৰ্মাণ কৰি নিদিলে অধিক জংগী আন্দোলন গঢ়িব বুলি স্থানীয় ৰাইজে সকীয়নি দিয়ে।

লগতে পঢ়ক: Two bike thieves arrested: ক্ষেত্ৰীত সক্ৰিয় হৈ পৰিছে বাইক চোৰৰ গেং