poor conditions of roads : এটা বিধস্ত যমৰ যাতনা ভোগাইছে গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰীৰ গাওঁ পঞ্চায়ত সহস্ৰাধিক ৰাইজক
নগৰবেৰা,৩০ছেপ্টেম্বৰ : ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰীৰ গাওঁ পঞ্চায়ত সহস্ৰাধিক ৰাইজক ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।
গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰীৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰণুৱা ডাবপাৰাত এটি বিধ্বস্ত পথে জলাকলা খুৱাইছে ৰাইজক । বছৰ বছৰ ধৰি জৰাজীৰ্ণ পথেৰে যাতায়ত অঞ্চলটোৰ ৰাইজৰ। পথটো নিৰ্মাণ আৰু মেৰামতিৰ বাবে পূব গোৱালপাৰাত বিধায়ক এ কে ৰচিদ আলমক খাটনি ধৰি ভাগৰি পৰিছে ৰাইজ । উপাইহীন হৈ ৰাস্তলৈ উলাই আহিছে ৰাইজ(poor conditions of roads)।
পূব গোৱালপাৰাৰ বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে উলাই আহিল ৰাইজ। বিগত কেইবা বছৰৰ পৰা বিধ্বস্ত হৈ থকা পথ মেৰামতি নকৰাৰ বাবেই ৰাইজৰ প্ৰতিবাদ।
গোৱালপাৰা পূব সমষ্টিৰ সিধাবাৰীৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰণুৱা ডাবপাৰাত পথ মেৰামতি নকৰাত ৰাইজে ৰাজপথত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
গাঁৱখনৰ ছাত্ৰ ছাত্ৰী সকলে স্কুল কলেজলৈ অহা যোৱা কৰাৰ লগতে বিশেষকৈ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ৰণুৱা ডাৱপাৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়লৈ যোৱা এইটোৱেই হৈছে মূল পথ। দীৰ্ঘদিনৰে পৰা ডাৱপাৰা ৰাইজক এই বিধ্বস্ত পথটিয়ে জ্বলা-কলা খুৱাই আহিছে ।
যান-বাহন চলাচলৰ কৰাতো দূৰৰে কথা খোজকাঢ়ি যাবলৈ খৰালি দিনতো পথটিৰ বিপজ্জনক।
বাৰে বাৰে বিধায়ক অনুৰোধ কৰিও আজিকোপটি নিৰ্মাণ নহল পথটি ।
সেয়ে উপায়বিহীন হৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ উজাৰিছে সমষ্টিৰ বিধায়ক এ কে ৰচিদ আলমৰ বিৰুদ্ধে।
লগতে পঢ়ক :Road Accident In Lakhimpur : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন,আহত এজন