poor conditions of roads : কাহানিও সাংসদ বিধায়কক দেখা নোপোৱা এখন গাঁও
বকো,১৬জুলাই : বকোত যাতায়তৰ নামত জমৰ জাতনা ভুগিছে ৰাইজে ৷ পথ নহয় যে পুখুৰী ৷ ছাত্ৰ ছাত্ৰীয়ে দুজোৰ কাপোৰ পিন্ধিব লাগে বিদ্যালয়লৈ আহিবলৈ ৷ ৰোগী কিম্বা গৰ্ভৱতী মহিলা আনিব লাগে সাঙী কৰি ৷ কাহানিও সাংসদ বিধায়কক দেখা নোপোৱা এখন গাঁৱৰ কাহিনী(poor conditions of roads) ৷
বিপদ সংকুলভাবে যাতায়ত কৰে প্ৰায় ১০ খনকৈ গাঁৱৰ লোক ৷ তাৰাবাৰী চন্দ্ৰাহৈ বাংকীকোত লৈ যোৱা এই পথটোৰ এনে দুৰবস্থাই যাতায়তৰ নামত জ্বলাকলা খুৱাইছে সাধাৰণ ৰাইজক ৷ পথটোৰে আহোতে বোকাত লুতুৰি পুতুৰি হৈ বিদ্যালয় পোৱাৰ আগত আন এজোৰ কাপোৰ পিন্ধিব লগা হৈ ছাত্ৰ ছাত্ৰীয়ে ৷
এই গাঁৱৰ লগতে দাতিকাষৰিয়া গাওঁ সমুহে ৰোগীয়ে হওক বা গৰ্ভৱতী মহিলায়ে হওক মুল পথলৈ আনিবলৈ হলে ৰোগীক সাঙি কৰি আনিব লাগে বুলি জানিব দিয়ে ৷
ইপিনে ৰাইজৰ স্পষ্ট অভিযোগ দেশ স্বধীন হোৱাৰে পৰা বৰ্ত্তমানৈ কোনো সাংসদ বা বিধায়কে এই গাওত খোজ দি পোৱা নাই ৷ বহুবাৰ বিভাগীয় কৰ্তিপক্ষক কাতৰ অনুৰোধ কৰাৰ পাচতো কোনে সুফল নপোৱা বুলি দাবি কৰে ৰাইজে ৷
লগতে পঢ়ক : বানপানীৰ পৰা পৰিত্ৰাণৰ বাবে জলপূজা নৈপৰীয়াৰ