Local, Vocal, Global

poor conditions of roads : এটা বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে মাৰ্ঘেৰিটাৰ ৰাইজক

মাৰ্ঘেৰিটাৰ, ২জুন : উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত মাৰ্ঘেৰিটা সমষ্টিৰ একাংশ ৰাইজ । কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে মাৰ্ঘেৰিটাৰ ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন(poor conditions of roads) ৷

ৰাজ্য় চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ সময়তে এটা বিধ্বস্ত পথে যমৰ যাতনা ভোগাইছে তিনিচুকীয়াৰ জিলাৰ এখন গাঁৱৰ সহস্ৰাধিক ৰাইজক (Poor Road condition in Tinsukia) ৷ এই বিধ্বস্ত পথেৰে বিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলটোৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে ৷ আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ ৰাইজৰ ।

তিনিচুকীয়াৰ জিলাৰ এখন দুৰ্গম গাওঁ ।এটা জৰাজীৰ্ণ,বিপদসংকুল ৰাস্তাৰে যাত্ৰা কৰে অঞ্চলবাসী ।

তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত লেখাপানীৰ এখন ঐতিহাসিক ৰাজহ গাওঁ হিচাপে পৰিচিত শিঙৰী গাওঁ। লিডু কলিয়ৰী গাওঁ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুয়ো কাষে অতীজৰে পৰা বসবাস কৰি আহিছে বহু জাতি, জনগোষ্ঠীৰ লোক। কিন্তু স্বাধীনোত্তৰ ৭৭ বছৰৰ পাছতো পকীকৰণ হৈ নুঠিল গাঁওখনৰ মূল পথটো।

উক্ত পথটোৰে কিছুদূৰ অতিক্ৰম কৰিলে দেখা পোৱা যায় এখন চৰকাৰী বিদ্যালয় আৰু এটা অংগণবাদী কেন্দ্ৰ। বাৰিষা অহাৰ লগে লগেই উক্ত পথটোৰে যাতায়ত ব্যাহত হৈ পৰে। যাৰ ফলত কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী, দিন হাজিৰা কৰা লোকসকলৰ লগতে বেপাৰ বাণিজ্য কৰা লোকসকলৰ অহা যোৱা কৰাত তথৈবচ অৱস্থাৰ সৃষ্টি হয়।

গাঁৱৰ সাধাৰণ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্রতিনিধিক বহু আৱেদন নিবেদন কৰাৰ পাছতো আজি পৰ্য্যন্ত উক্ত পথটোৰ পকীকৰণ সম্ভৱ হৈ নুঠিল। সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো অৱগত কৰি অতি সোনকালে পথটো পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে গাঁওবাসীয়ে।

লগতে পঢ়ক : There’s stir over sexual assault incident in South Kamrup : যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি দক্ষিণ কামৰূপত চাঞ্চল্য; পলাশবাৰী আৰক্ষী চকীৰ ৪ আৰক্ষীক নিলম্বন